নিউজ ডেস্ক: JEE Main 2022-ৰ পৰীক্ষাৰ ফলাফল বাহিৰ হৈছে। আজি (মাজনিশা) নেশ্যনেল টেষ্টিং এজেন্সি (NTA)-এ বিভাগীয় ৱেবছাইট jeemain.nta.nic.in-ত JEE Main Session 1-ৰ ফলাফল ঘোষণা কৰে।

উল্লেখযোগ্য যে ইতিমধ্যে NTA-এ যোৱা ৬ জুলাইত সকলো শ্বিফ্টৰ বাবে JEE Main provisional-ৰ চূড়ান্ত answer key প্ৰকাশ কৰিছিল।

আজি Paper 1(BE আৰু BTech)-ৰ ফলাফল ঘোষণা কৰা হয় যদিও Paper 2 (BArch আৰু BPlanning)-ৰ ফলাফল এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে।

কিদৰে JEE Main Session 1-ৰ ফলাফল লাভ কৰিব –

  • নেশ্যনেল টেষ্টিং এজেন্সি (NTA)-ৰ বিভাগীয় ৱেবছাইট jeemain.nta.nic.in-ত ক্লিক কৰক।
  • হোমপেজত ‘JEE Main Result 2022’ লিংকত ক্লিক কৰক।
  • প্ৰয়োজনীয় তথ্য দি login কৰক, স্ক্ৰীণত ফলাফল দেখা পাব।

যোৱা ২৪ জুনৰ পৰা ২৯ জুনলৈ JEE Main Session 1-ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। আনহাতে JEE Main Session 2-ৰ বাবে পঞ্জিয়ন যোৱা শনিবাৰলৈকে খোলা আছিল। উক্ত পৰীক্ষা ২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব।

লগতে পঢ়ক – দেশৰ কুখ্যাত এটিএম চোৰৰ দল ৰঙিয়া আৰক্ষীৰ জালত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply