নিউজ ডেস্কঃ চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণৰ বাবে দেশত চৰকাৰী মহাবিদ্যালয়সমূহত আসন লাভ কৰাতো অতিকৈ কঠিন। তাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে দিবলগীয়া বৃহৎ পৰিমানৰ ধন। কিন্তু এই সন্দৰ্ভত এক বিশেষ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজসমূহৰ নামভৰ্তিৰ মাচুল চৰকাৰী খণ্ডৰ মেডিকেল কলেজসমূহৰ সমান কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয়- ‘আমি সিদ্ধান্ত লৈছো যে, ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজসমূহৰ ৫০ শতাংশ আসনত চৰকাৰী মেডিকল কলেসমূহৰ সমানেই নামভৰ্তি মাচুল কৰা হ’ব।

সোমবাৰে জন ঔষধী দিৱসৰ এক অনুষ্ঠিত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণৰ পাছতে নেশ্যনেল মেডিকেল কমিছনে এই সন্দৰ্ভত এক গাইডলাইনো প্ৰস্তুত কৰিছে। প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে বহু সকাহ লাভ কৰিছে চিকিৎসা বিজ্ঞানত নামভৰ্তি কৰিম বুলি প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply