নিউজ ডেস্ক: শেহতীয়াকৈ হিন্দী ভাষাকলৈ দেশজুৰি বিশেষকৈ উত্তৰ-পূবত বিতৰ্ক চলি থকাৰ মাজতে ত্ৰিপুৰীসকলৰ মাতৃভাষা ককবৰক ভাষাক চি বি এছ ই পাঠ্যক্ৰমত অন্তভুক্ত কৰা হৈছে।
পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰেবতী ত্ৰিপুৰাই আজি এই কথা সদৰী কৰে।
উল্লেখযোগ্য যে অলপতে ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ২২খন মহাবিদ্যালয়ত ককবৰক ভাষাক স্নাতক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ উপৰি ত্ৰিপুৰা চৰকাৰে ককবৰক ভাষা শিক্ষকৰ নিযুক্তি আৰম্ভ কৰিছে।
আনহাতে, ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে ককবৰক ভাষাক চি বি এছ ই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা সিদ্ধান্তক আদৰণি জনাই যদিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বিদ্যালয়সমূহত হিন্দী ‘আৰোপ’ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।
লগতে পঢ়ক – শিৱসাগৰত উচ্ছেদ জুৱাৰ ঘাটি, আটক চাৰি জুৱাৰী