গুৱাহাটী : নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানে ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। মহানগৰীৰ কেইবাটাও অঞ্চলত সম্পূৰ্ণৰূপে বুৰাই পেলাইছে কৃত্ৰিম বানে। বৰষুণৰ মাত্ৰ বৃদ্ধি পোৱাত গুৱাহাটীৰ কৃত্ৰিম বান পতিস্থিতি অধিক জটিল হোৱা আশংকাই দেখা দিছে।
ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জনীনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্ত দিনত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত বুধবাৰে শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
লগতে পঢ়ক – ধেমাজিত মোডী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে হিতাধিকাৰী সন্মিলন
সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান (চৰকাৰী আৰু ব্যক্তিগত) বুধবাৰে বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই। ইফালে প্ৰয়োজন নোহোৱাকৈ ৰাইজক ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈও আহ্বান জনাইছে প্ৰশাসনে।