গুৱাহাটী : মঙলবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ উল ফিটৰ। সম্পূৰ্ণ এমাহ ৰোজা পালনৰ অন্তত মঙলবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে উদযাপন কৰিব পৱিত্ৰ ঈদ-উল-ফিটৰ।
এমাহ ধৰি ৰোজা পালনৰ অনন্ত ইছলাম ধৰ্মাৱলম্বী লোক সকল মঙলবাৰে পবিত্ৰ ঈদ উল ফিটাৰ পালন কৰিব। ইতিমধ্যে ঈদ উল ফিটৰ উদযাপনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোক সকলে।
ঈদ উল ফিটৰ উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীৰ বজাৰ সমূহত দেখিবলৈ পোৱা গৈছে ব্যাপক ভিৰ। পছন্দৰ কাপোৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে দোকান সমূহত ৰাইজে ভিৰ কৰিছে।
লগতে পঢ়ক – কৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমান সূচক মন্তব্য কৰাৰ বাবে বিপদত পৰিল Youtuber
ক’ভিড মহামাৰীৰ বাবে দুবছৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে মুক্ত মনেৰে ঈদ উল ফিটৰ উদযাপন কৰিব পৰা নাছিল। এইবাৰ ক’ভিডৰ প্ৰকোপ নথকাৰ বাবে ঈদ উল ফিটৰকলৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত।