নিউজ ডেস্ক- সোমবাৰে মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দি চহৰৰ ভালপাৰা অঞ্চলত অট্টালিকা খহি পৰা ঘটনাত মৃত্যুৰ সংখ্যা ৮জনলৈ বৃদ্ধি পাইছে। ঘটনা সংঘটিত হোৱাৰ পৰা বৰ্তমানলৈ  ১৮ জন লোকক উদ্ধাৰ কৰা হৈছে। তেওঁলোক সকলোকে থানেৰ উপজিলা চিকিৎসালয়ত চিকিৎসা কৰা হৈছে।

উল্লেখ্য যে, তিনিমহলীয়া অট্টালিকাটো শনিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত খহি পৰে। এই ভৱনটো ২০১৪ চনত ইন্দ্ৰপাল পাৰ্টিলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল লগতে ইয়াৰ চালত এটা ভ্ৰাম্যমাণ টাৱাৰো আছিল। ইতিমধ্যে নাৰপলি আৰক্ষীয়ে নির্মাতা ইন্দ্ৰপাল পাটিলক গ্ৰেপ্তাৰ কৰিছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ উপ-বিভাগীয় বিষয়া অমিত চানপে উল্লেখ কৰে যে কিছু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এনডিআৰএফ আৰু টিডিআৰএফ দলে সাৱধানে ধ্বংসাৱশেষ আঁতৰ কৰি আছে।

জানিব পৰা মতে, মৃত লোকসকলক ক্ৰমে নৱনাথ সাৱন্ত (৪০), লক্ষ্মীদেৱী মহাতো (২৬), সোনা কোৰি (৪ বছৰ ৬ মাহ), সুধাকৰ গাভাই (৩৪), প্রবীণ চৌধুৰী (২২) আৰু ত্ৰিবেণী যাদৱ (৪০)।

মুখ্যমন্ত্ৰী একনাথ চিন্দে ইতিমধ্যে প্রতিজন ভুক্তভোগী পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। লগতে তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰে আহতসকলৰ চিকিৎসা খৰচ বহন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply