নিউজ ডেস্কঃ দুটা দিন যন্তৰ মন্তৰত প্ৰতিবাদ কৰাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধাৰো সকলে কাষ চাপিছে এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষত। কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি তথা বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দিল্লীৰ আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন নকৰাক লৈ দেওবাৰ (২৩.০৪.২০২৪) ৰ পৰা ৪০ জনৰো অধিক মল্লযোদ্ধাসকলে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰি আছে।
মল্লযুজাৰু সকলৰ অভিযোগ আছে যে ফেডাৰেচনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিং আৰু প্ৰশিক্ষকসকলে ৰাষ্ট্ৰীয় শিবিৰত মহিলা মল্লযোদ্ধাসকলক যৌন নিৰ্যাতন কৰে।
চলিত বৰ্ষৰ প্ৰথমবাৰৰ বাবে ১৮ জানুৱাৰীত বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ তুলি প্ৰথমবাৰৰ বাবে যন্তৰ মন্তৰত প্ৰতিবাদ কৰিছিল। তাৰ পিছদিনাই অৰ্থাৎ ১৯ জানুৱাৰী দিয়া কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযুজাৰু সকলৰ সৈতে ৪ ঘণ্টাৰ ধৰি আলোচনা কৰে আৰু খেলুৱৈ সকলক ব্ৰিজ ভূষণ শৰণ সিঙৰ এই অভিযোগৰ বিৰুদ্ধে হোৱা উত্তৰ বাবে অপেক্ষা কৰিবলৈ কয়।
অনুৰাগ ঠাকুৰৰ সৈতে আলোচনাত সন্তোষ্ট নহৈ পুনৰ ২০ জানুৱাৰীত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। সেইদিনা তেওঁলোকে প্ৰতিবাদ কৰাৰ সময়ত জনাই যেতিয়া লৈতে তেওঁলোকে ন্যায় নাপায় তেতিয়া লৈকে প্ৰতিবাদ কৰি থাকিব আৰু কোনো ধৰণৰ খেলত অংশগ্ৰহণ নকৰে।
প্ৰতিবাদৰ পৰিস্থিতি বেছি বেয়ালৈ ঢাপলি মৰা দেখি ২১ জানুৱাৰীত ভাৰতীয় অলিম্পিক সংস্থাই (আই.ও.এ.) এটা তদন্ত সমিতি গঠন কৰে। ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পিটি ঊষাই মেৰী কমক সমিতিৰ অধ্যক্ষ কৰিছিল। ৭ জন সদস্যৰ এখন সমিতি গঠন কৰি অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়ে। সমিতিখনত বক্সাৰ মেৰী কম, আৰ্চাৰ দোলা বেনাৰ্জী, বেডমিণ্টন খেলুৱৈ অলকানন্দা অশোক, ফ্ৰীষ্টাইল কুস্তি খেলুৱৈ যোগেশ্বৰ দত্ত, ভাৰোত্তোলন ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি সহদেৱ যাদৱ আৰু দুজন উকীল অন্তৰ্ভুক্ত আছিল।

একেদিনাই, অনুৰাগ ঠাকুৰে ৰাতি ৭ ঘণ্টা জোৰা মল্লযোদ্ধাসকলৰ সৈতে বৈঠক বহে। এই সময়ছোৱাত, ক্ৰীড়া মন্ত্ৰালয়ে এখন পৰ্যৱেক্ষণ সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়। এমচি মেৰী কমকো ইয়াৰ অধ্যক্ষ কৰা হৈছিল। ইয়াৰ সদস্যসকলৰ ভিতৰত আছিল অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা যোগেশ্বৰ দত্ত, দ্ৰোণাচাৰ্য বঁটা প্ৰাপ্ত ত্ৰুপ্তি মুৰ্গুণ্ডে, টিঅ’পিএছৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজাগোপালন আৰু ৰাধা শ্ৰীমান। পিছত, ববিতা ফোগাটকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল।
অনুৰাগ ঠাকুৰৰ নেতৃত্বত গঠন হোৱা সমিতিখনক ৪ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ৩ মাহ ধৰি কোনো প্ৰতিবেদন নোপোৱাত মল্লযুজাৰু সকল পুনৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হয়।
২৩ এপ্ৰিলত প্ৰতিবাদ কৰাৰ দুদিনৰ পূৰ্বে ৭ গৰাকী ছোৱালীয়ে কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি তথা বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দিল্লীৰ আৰক্ষীৰ ওপৰত এজাহাৰ দাখিল কৰিবলৈ আহিছিল। অভিযোগটোত ব্ৰিজ ভূষণৰ দ্বাৰা ছোৱালী কেইগৰাকীক শাৰীৰিক উৎপীড়নৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছিল। কিন্তু দিল্লীৰ আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন নকৰি গঠন কৰাৰ দুখন সমিতিৰ পৰা প্ৰতিবেদন বিচাৰিলে। আৰু দিল্লী আৰক্ষীয়ে সাংসদ ব্ৰিজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তহে আৰম্ভ কৰে।
উল্লেখ্য যে, ট’কিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী বজৰংগ পুনীয়া, ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা সাক্ষী মালিক লগতে, কমনৱেলথ আৰু এছিয়ান গেমছত সোণৰ পদক বিজেতা বিনেশ ফোগাটকে ধৰি বহুতো আন্তঃ ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় মল্লযুজাৰু খেলুৱৈয়ে বিজেপি সাংসদ ব্ৰজ ভূষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে।
এই তাৰকা তথা বিদেশত ভাৰতক গৌৰৱবোধ কৰোৱা খেলুৱৈ সকলে প্ৰতিবাদ কৰি ২৩ এপ্ৰিলৰ নিশা পথতে কটাইছিল আৰু তাতেই সকলোৱে কাপোৰ পাৰি শুইছিল। সেই নিশায়ে বিনেশ ফোগাট, বজৰং পুনিয়া আৰু সাক্ষী মালিকেও এটা ভিডিঅ’ মুকলি কৰি মল্লযুজাৰু সকলক সমৰ্থনৰ বাবে যন্তৰ মন্তৰত উপস্থিত হ’বলৈ আহ্বান জনায়।
এতিয়া বিনেশ ফোগাটকে ধৰি ৮ জন মল্লযোদ্ধা উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে। তেওঁলোকে ব্ৰিজ ভূষণৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ আবেদন জনাইছে।
ইফালে, মল্লযুজাৰু সকলে প্ৰতিবাদ কৰা দেখি ৭ মে’ত অনুষ্ঠিত হ’বলীয়া ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ নিৰ্বাচন স্থগিত কৰা হৈছে। অলিম্পিক সংস্থাই নিৰ্বাচনৰ বাবে এখন কাৰ্যবাহী সমিতি গঠন কৰিব। সমিতিখনে ডব্লিউএফআইৰ কাম-কাজও চোৱাচিতা কৰিব।
আনহাতে, হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাই খেলুৱৈসকলক সমৰ্থন জনাই টুইট কৰে যে, “এইটো এটা দুৰ্ভাগ্যজনক পৰিস্থিতি যদি সমগ্ৰ বিশ্বতে দেশৰ মৰ্যাদা বৃদ্ধি কৰা খেলুৱৈসকলে ন্যায়ৰ বাবে বহিব লগা হয়। গোটেই বিষয়টোৰ এক নিৰপেক্ষ তদন্ত প্ৰয়োজনীয়”।
১৮ জানুৱাৰীত ব্ৰিজ ভূষণৰ বিৰুদ্ধে প্ৰথমবাৰ অভিযোগ উঠাৰ সময়ত তেওঁ সংবাদ মাধ্যমৰ আগত কৈছিল যে, কোনো ধৰণৰ ধৰ্ষণ হোৱা নাই। যদি এনে হয় তেন্তে মোক ফাঁচী দিব।
লগতে, তেওঁ সেই সময়ত হাৰিয়ানা কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ দীপেন্দৰ হুদাক দোষাৰোপ কৰি কৈছিল যে এইবোৰ অভিযোগ হুদাৰ পৰোচনাত হৈছে। এতিয়া এইবোৰ খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাটো যোগ্যতা নাই।
লগতে পঢ়ক – ১০০ সংখ্যক খণ্ডৰ পূৰ্বে মন কী বাত ১০০ কোটি শ্ৰোতাই শুনিছে বুলি আইআইএমৰ সমীক্ষাত প্ৰকাশ