নিউজ ডেস্কঃ ভাৰতীয় নিৰ্বাচনী আয়োগে সোমবাৰে তিনিটা ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা প্ৰত্যাহাৰ কৰিছে। সমগ্ৰ দেশতে তৃণমূল কংগ্ৰেছ, এনচিপি আৰু চিপিআইপ ভোটৰ অংশ ৬ শতাংশতকৈ কম হোৱাৰ বাবে দল তিনিটাই ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি হেৰুৱাই বুলি সোমবাৰে নিৰ্বাচনী আয়োগে ঘোষণা কৰে।
ইফালে, ২০১২ চনত ৰাজনৈতিক দল হিচাপে গঠন হোৱা আম আদমী পাৰ্টীয়ে লাভ কৰিছে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি। শেহতীয়া ভাৱে ২০২২ চনৰ ডিচেম্বৰ মাহত দলটোৱে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা প্ৰদানৰ বাবে আবেদন দাখিল কৰিছিল। নিৰ্বাচনী আয়োগে দলটোক লৈ কয় যে, দলটোৰ দিল্লী, পঞ্জাৱ, গোৱা আৰু গুজৰাটৰ নিৰ্বাচনী প্ৰদৰ্শনৰ ভিত্তিত ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি প্ৰদান কৰা হৈছে।
আনহাতে ৬ টাকৈ ৰাজনৈতিক দলে হেৰুৱাব লগীয়া হৈছে ৰাজ্যিক দলৰ মৰ্যাদা। উত্তৰ প্ৰদেশত ৰাষ্ট্ৰীয় লোক দল (আৰএলডি), পশ্চিম বংগত Revolutionary Socialist Party (আৰএছপি), অন্ধ্ৰ প্ৰদেশত ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ), মণিপুৰত পিপলছ ডেমক্ৰেটিক এলায়েন্স (পিডিএ), পুডুচেৰীত পাট্টালি মাক্কাল কাচ্চি (পিএমকে) আৰু মিজোৰামৰ মিজোৰাম পিপলছ কনফাৰেন্সয়ে (এমপিচি) তেওঁলোকৰ ৰাজ্যিক দলৰ মৰ্যাদা হেৰুৱাইছে।
ইয়ৰোপৰি ৩ টাকৈ ৰাজনৈতিক দলে লাভ কৰিছে ৰাজ্যিক দলৰ মৰ্যাদা। ত্ৰিপুৰাৰ তিপ্ৰা মথা পাৰ্টী, নাগালেণ্ডৰ লোক জনশক্তি পাৰ্টী (ৰামবিলাস) দল আৰু মেঘালয়ৰ ভইচ অৱ দ্য পিপল পাৰ্টীক নিৰ্বাচন আয়োগে নতুনকৈ প্ৰদান কৰিছে ৰাজ্যিক দলৰ মৰ্যাদা।
নিৰ্বাচনী আয়োগৰ এই ঘোষণাৰ পিছতেই ভাৰতত এতিয়া ৬ টা ৰাষ্ট্ৰীয় দললৈ হ্ৰাস পাইছে। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল কেইটা হৈছে- ভাৰতীয় জনতা পাৰ্টি (BJP), কংগ্ৰেছ, CPI(M), বহুজন সমাজ পাৰ্টি (BSP), নেচনেল পিপলছ পাৰ্টি (NPP) আৰু আম আদমী পাৰ্টী।
ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰা নিয়মবোৰ জানক,
নিম্নলিখিত তিনিটা নিয়মৰ কমেও এটা পূৰণ কৰাৰ আধাৰত এটা দলক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা দিয়া হয়-
১. দলটোৱে কমেও চাৰিখন ৰাজ্যত ৬ শতাংশ ভোট লাভ কৰিব লাগিব।
২. লোকসভাৰ মুঠ আসনৰ পৰা ২ শতাংশৰ আসন কমেও তিনিখন ৰাজ্যৰ পৰা পাব লাগিব।
৩. দলটোৱে চাৰিখন ৰাজ্যত আঞ্চলিক দলৰ মৰ্যাদা লাভ কৰিব লাগিব।
অৰবিন্দ কেজৰিৱালৰ টুইট ,”এইটো এটা অলৌকিক ঘটনাতকৈ কম নহয়”
ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰাৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱালে টুইট কৰি লিখে যে, “ইমান কম সময়ৰ ভিতৰত এটা ৰাষ্ট্ৰীয় দল? এইটো এটা অলৌকিক ঘটনাতকৈ কম নহয়। সকলোকে বহুত অভিনন্দন। দেশৰ লাখ লাখ মানুহে আমাক ইয়ালৈ লৈ আহিছিল। মানুহ আমাৰ ওপৰত উচ্চ আকাংশা আছে। আজি মানুহে আমাক এই ডাঙৰ দায়িত্ব দিছে। প্ৰভু, এই দায়িত্ব ভালদৰে পালন কৰিবলৈ আমাক আশীৰ্বাদ কৰক”।
আপুনি জানেনে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতী পালে কি কি সুবিধা লাভ কৰে,
ৰাষ্ট্ৰীয় দলসমূহে সমগ্ৰ দেশতে তেওঁলোকৰ প্ৰতীক বা নিৰ্বাচনী প্ৰতীক সুৰক্ষিত কৰিব পাৰে। ৰাষ্ট্ৰীয় দলসমূহে নিৰ্বাচনী প্ৰচাৰত সৰ্বাধিক ৪০ জন তাৰকা প্ৰচাৰক ৰাখিব পাৰে আৰু তেওঁলোকৰ ভ্ৰমণৰ ব্যয় প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ত ৰখা নহয়। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ৰাষ্ট্ৰীয় দলবোৰে ৰাজসাহায্যযুক্ত হাৰত দলৰ সভাপতি আৰু দলীয় কাৰ্যালয়ৰ বাবে এটা চৰকাৰী বাংলো লাভ কৰে।
সাধাৰণ নিৰ্বাচনৰ সময়ত, ৰাষ্ট্ৰীয় দলবোৰে অল ইণ্ডিয়া ৰেডিঅ’ত সম্প্ৰচাৰৰ বাবে টেলিকাষ্টৰ সুবিধা লাভ কৰে। অৰ্থাৎ, ৰাষ্ট্ৰীয় দলবোৰক চৰকাৰী চেনেলত দেখুওৱাৰ সময় নিৰ্ধাৰণ কৰা হয়।
লগতে, ৰাষ্ট্ৰীয় দলসমূহে নিৰ্বাচনত মনোনয়ন দাখিল কৰিবলৈ মাত্ৰ এজন প্ৰস্তাৱকৰ প্ৰয়োজন। আন দলবোৰক দুজন প্ৰস্তাৱকৰ প্ৰয়োজন। পঞ্জীভুক্ত নকৰা দল আৰু নিৰ্দলীয় সকলক পাঁচজন প্ৰস্তাৱকৰ হয়।
লগতে পঢ়ক – CNG বাছ ক্ৰয় কৰি লোকচানত ভুগিছে অসমৰ পৰিবহন বিভাগে