আজি ঘোষণা হ’ব ৩খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। নতুন দিল্লীত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই এক সংবাদ মেলৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যৰ নিৰ্বাচনী সূচী প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, অহা  ফেব্ৰুৱাৰী মাহত অন্ত পৰিব মেঘালয়,  ত্ৰিপুৰা আৰু নগালেণ্ড বিধানসভাৰ ৫ বছৰীয়া কাৰ্যকাল।

অনুমান কৰা হৈছে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ প্ৰথম বা দ্বিতীয় সপ্তাহৰ ভিতৰতেই এই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব। কিয়নো ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply