নিউজ ডেস্কঃ ১ জুন অৰ্থাৎ আজিৰে পৰা আপোনাৰ দৈনন্দিন জীৱনৰ সৈতে সম্পৰ্কিত বহুতো বস্তু সলনি হৈছে। যদি আপুনি এখন বৈদ্যুতিক গাড়ী ক্ৰয় কৰাৰ কথা ভাবি আছিলে তেতিয়া হ’লে আজিৰে পৰা মূল্য বৃদ্ধি কৰা হৈছে। ঠিক একেদৰে সলনি কৰা হৈছে চিলিণ্ডাৰৰো দাম।

জানোঁ আহক আজিৰে পৰা পৰিৱৰ্তন হ’বলগীয়া সামগ্ৰী বিষয়ে,

ব্যয়বহুল হৈ পৰিল বৈদ্যুতিক গাড়ী

গধুৰ উদ্যোগ মন্ত্ৰালয়ে ১৯ মে’ত জনোৱা অনুসৰি বৈদ্যুতিক দুচকীয়া বাহনত ভাৰত চৰকাৰে ফেম-২ ৰাজসাহায্যৰ অধীনত প্ৰতি কিলোৱাটত 15,000 টকাকৈ প্ৰদান কৰা ৰাজসাহায্য আজিৰ পৰা দহ হাজাৰ টকালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। লগতে, সৰ্বাধিক ৰাজসাহায্যৰ সীমা ৪০ শতাংশৰ পৰা কমাই ১৫ শতাংশ কৰা হৈছে।  

যাৰ বাবে দেশৰ আগশাৰী বৈদ্যুতিক বাহন নিৰ্মাতা আথাৰ এনাৰ্জীয়ে ইয়াৰ জনপ্ৰিয় আথাৰ ৪৫০এক্সৰ মূল্য বৃদ্ধি কৰিছে। কোম্পানীৰ মতে, আজিৰ পৰা এই ই – স্কুটাৰৰ বাবে অতিৰিক্ত ৩২ হাজাৰ ৫ শ  টকা গ্ৰাহকে ভৰিব লাগিব। আথাৰ ৪৫০এক্সৰ ক্ৰয়ৰ বাবে এতিয়াৰ পৰা নূন্যতম মূল্য ৯৮ হাজাৰৰ টকা হৈ পৰিল।

বাণিজ্যিক চিলিণ্ডাৰ মূল্য হ্ৰাস,

যদি আপোনাৰ হোটেল, ৰেষ্টুৰা আদিৰ মালিক হয় তেনে হ’লে আপোনাৰ বাবে আছে ভাল খবৰ। আজিৰ পৰা সম্পূৰ্ণ ভাৰততে প্ৰায় ৮৩ টকাকৈ হ্ৰাস কৰা হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। যাৰ বাবে হয়তু সাধাৰণ নাগৰিকৰ প্ৰিয় খাদ্য বিধৰ মূল্যও কম হ’ব পাৰে। পিছে এটা ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত কৰা হোৱা নাই কোনো ধৰণৰ সাল-সলনি।

বেঙ্কে আপোনাৰ ধন ঘূৰাই দিব,

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰম্ভ কৰিছে “১০০ দিনত ১০০ পৰিশোধ” অভিযান। এই অভিযানৰ দ্বাৰা বেংকত দাবীহীন ভাৱে থকা কোটি কোটি টকা পৰিশোধ কৰিব জমা ৰখা ধনৰ গৰাকীক। আজিৰে পৰা দেশৰ প্ৰতিটো জিলাৰ প্ৰতিটো বেংকে জিলাত শীৰ্ষ ১০০ টা দাবীহীন জমা বিচাৰি উলিৱাই ১০০ দিনত নিষ্পত্তি কৰিব। আপোনাৰো যদিও তেনে ধন আছে তেতিয়া হ’লে আপুনিও শীৰ্ষ ১০০ জনৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব পাৰে।

লগতে পঢ়ক – ‘আন্তঃ-মন্ত্ৰালয় সমিতি’ৰ গঠন আৰু ক্ষমতা প্ৰদান প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply