নিউজ ডেস্কঃ ৰাজ্যত গৰমে যিমানেই প্ৰভাৱ পেলাইছে সিমানেই লুকাভাকু খেলিছে এ পি ডি চি এলৰ বিদ্যুৎৰ ব্যৱস্থাই। ৰাজ্যত নতুনকৈ অন্তৰ্ধান হোৱা এ পি ডি চি এলৰ প্রি-পেইড মিটাৰে ৰাইজক বৰ্তমানেও সন্তুষ্ট কৰিব নোৱাৰা বিভাগটোৱে পুনৰ বৃদ্ধি কৰিছে প্ৰতিইউনিটৰ মূল্য।

প্ৰতি ইউনিটত ৩০ পইচাৰ পৰা ৭০ পইচালৈ বৃদ্ধি কৰা শক্তি বিভাগে ৰাজইক দিছে পুনৰ মাধমাৰ। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে যোৱা ২৭ মে’ৰ এক জাননীৰ অনুসৰি, পৰৱৰ্তী তিনি মাহৰ বাবে গ্ৰাহকসকলক বৰ্ধিত বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব। পৰৱৰ্তী তিনি মাহৰ ভিতৰত APDCL য়ে মে’, জুন আৰু জুলাই মাহটো অন্তৰ্ভুক্ত কৰিছে। সেইদৰে প্ৰতিদিনে ০.৫ ৰ পৰা ১.৫ কিলোৱাটৰ ভিতৰত বিদ্যুৎ ব্যৱহাৰ কৰা জীৱনধাৰাৰ আঁচনিৰ অন্তৰ্গত গ্ৰাহকে প্ৰতি ইউনিটত ৩০ পইচাকৈ আদায় দিব লাগিব। ঠিক একেধৰণে, যিসসকল সাধাৰণ গ্ৰাহকে ১২০ ইউনিট আৰু ১২১ ৰ পৰা ২৪০ ইউনিটৰ ভিতৰত প্ৰতিমাহে ব্যৱহাৰ কৰে তেনেসকলৰ পৰাও ৩০ পইচাকৈ APDCL য়ে আদায় কৰিব।

অৰ্থাৎ, জীৱনধাৰাৰ অধীনস্থ গ্রাহকে প্রতি ইউনিটত ৪.৩৫ টকা, প্রতিমাহে ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত লাগিব ৫.২৫ টকা আৰু প্ৰতিমাহে ১২১ ৰ পৰা ২৪০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত ৭.৩০ টকাকৈ পৰিশোধ কৰিব লাগিব।

আনহাতে যিসকল গ্ৰাহকে ৫ কিলোৱাটৰ পৰা ৩০ কিলোৱাটলৈ বিদ্যুৎ ব্যৱহাৰ কৰে তেওঁলোকে প্রতি ইউনিটত ৭০ পইচাকৈ আদায় দিব লাগিব। চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়েও প্ৰতি ইউনিটত ৭০ পইচাকৈয়ে দিব লাগিব। একেদৰে, ৩০ কিলোৱাট শক্তি ব্যৱহাৰ কৰা কৃষি, ক্ষুদ্র উদ্যোগ, বৈদ্যুতিক বাহন চার্জ দিয়া ষ্টেচন আদিয়েও ৭০ পইচাকৈ বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব। অৰ্থাৎ ৫ কিলোৱাটৰ পৰা ৩০ কিলোৱাট ব্যৱহাৰ কৰা গ্ৰাহকে প্ৰতি ইউনিটত ৮.১৫ টকা, ৫ কিলোৱাটৰ পৰা ৩০ কিলোৱাট ব্যৱহাৰ কৰা বাণিজ্যিক গ্ৰাহকে ৮.৬০ টকাকৈ আদায় দিব লাগিব।

সময় অনুযায়ী ভালদৰে বিদ্যুৎ যোগান ধৰিব নোৱাৰা APDCL য়ে কেৱল মাত্ৰ এতিয়া প্ৰতিমাহে নতুন নতুন সমস্যাৰ কথা কৈ গ্ৰাহকৰ পৰা বিল সমূহ আদায় কৰাত ব্যস্ত হৈ পৰিছে। প্রি-পেইড মিটাৰত গ্ৰাহকে এতিয়া আগতীয়াকৈ বিল পৰিশোধৰ ধন জমা ৰখাৰ বাবে এতিয়া APDCL য়ে সহজতেই ৰাইজৰ পৰা বিল পৰিশোধ কৰাৰ বাবে সহজ হয় পৰিছে। শেহতীয়া ভাৱে এপ্ৰিল মাহত প্ৰতি কিলোৱাটত ১০ টাকৈ ফক্সিড চাৰ্জ বৃদ্ধি কৰা বিদ্যুৎ বিভাগে দুমাহৰ ভিতৰত প্ৰতি ইউনিটৰ বিদ্যুৎৰ বিল বৃদ্ধি কৰিলে।

প্ৰতিমাহে নিয়মীয়াকৈ যোগান ধৰিম বুলি কোৱা APDCL বিভাগ টোৱে কেৱল গুৱাহাটী মহানগৰীত হে প্ৰতিশ্ৰুতি পালন কৰি আছে। গুৱাহাটীৰ বাহিৰে অসমৰ প্ৰতি জিলাতেই এই উৎকট গৰমত বিদ্যুৎৰ লুকাভাকু দেখাটো এক নিয়মীয়া কাৰ্য দৰেই ৰূপান্তৰ হৈছে।

লগতে পঢ়ক – ছবিগৃহত সফলভাৱে মুক্তি পাবনে ৰবি শৰ্মাৰ “শ্ৰী ৰঘুপতি” !

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply