নিউজ ডেস্ক: প্ৰিপেইড বিল পৰিশোধ ব্যৱস্থালৈ স্থানান্তৰিত হোৱাৰ পিছত মাহেকীয়া বিদ্যুতৰ বিল অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা দেখা হৈছে।

দেখিবলৈ পোৱা গৈছে যে, এমাহ পূৰ্বে ৫০০-৮০০ ৰ ভিতৰত বিদ্যুৎ মাচুল আদায় দিয়াৰ পৰিৱৰ্তে বৰ্তমান প্রিপেইড মিটাৰৰ কবলত পৰি দুই-তিনিগুণ বেছি মাহিলি মাচুল ভৰিবলগীয়া হৈছে।

আনহাতে, বহু গ্রাহকে এতিয়া প্রিপেইড মিটাৰত ৫০০ টকা ‘ৰিচার্জ’ কৰাৰ পিচ মুহূৰ্ততে তেওঁলোকে ‘বেলেন্স’ কম থকা বাবে পুনৰ মিটাৰ ৰিচার্জ’ কৰাৰ এছ এম এছ লাভ কৰিব ধৰিছে। স্বাভাৱিকতে এ পি ডি চি এলৰ প্রিপেইড মিটাৰৰ এই নতুন ‘বিলিং’ ব্যৱস্থাই হাহাকাৰ লগাইছে গ্ৰাহকসকলৰ মাজত।

AAEA ৰ সভাপতি কৈলাশ শৰ্মা,  কৰ্মৰত সভাপতি নভা জে ঠাকুৰিয়া আৰু সম্পাদক ইনামুল হেই কয় যে, “ভাৰতত এটা ইউনিট বিদ্যুতৰ সংজ্ঞা হৈছে ১ কিলোৱাট ঘন্টা (মানে ১ ঘণ্টাৰ বাবে মুঠ ১০০০ ৱাট ব্যৱহৃত শক্তি) । গ্ৰাহকসকলে এল ই ডি বাল্ব লগোৱাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু বিবেচনাপূৰ্ণভাৱে ইস্ত্ৰী,  ডায়েৰ,  হিটাৰ, ফেন,  এয়াৰ কণ্ডিচনাৰ আদি শক্তিৰ সঁজুলি ব্যৱহাৰ কৰিব লাগে।  

বিগত আগষ্ট মাহৰ পৰাই এ পি ডি চি এলে অতি পৰিকল্পিতভাৱে অসমৰ ৰাইজৰ পৰা অযুক্তিকভাৱে বর্ধিত মাচুল আদায় কৰি আছে। ডাঙৰ ডাঙৰ উদ্যোগপতিক বিদ্যুৎ চুৰি কৰাৰ পিচতো মাচুল ৰেহাই দিয়া এ পি ডি চি এলে এইবাৰ প্রিপেইড মিটাৰৰ জৰিয়তে বর্ধিত মাচুল আদায় কৰা কাৰ্য বন্ধ কৰিবলৈ ডেকাই সকীয়াই দিয়ে। তেওঁ কয় যে গীনিজ ৰেকৰ্ডৰ বাবে এশ কোটি টকা খৰচ কৰিব পৰা চৰকাৰখনে এ পি ডি চি এলক আর্থিক সাহায্য দি জনতাক সকাহ দিয়া উচিত।

আনহাতে, বিগত কিছু বছৰত দেশত জনমূৰি বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পোৱা দেখা গৈছে। গতিবেগ অব্যাহত ৰাখিবলৈ এ পি ডি চি এল পৰিচালনা সমিতিক গ্ৰাহকৰ সুবিধাৰ্থে ঘৰুৱা সৌৰ ইউনিট স্থাপনৰ নিৰ্দেশনা সৰল কৰি তুলিবলৈ আহ্বান জনায় যাতে তেওঁলোকে যোগান ধৰা বিদ্যুৎ কেৱল তেওঁলোকৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply