নিউজ ডেস্ক: মঙলবাৰে নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এটা প্ৰাপ্তবয়স্ক বনৰীয়া হাতীৰ মৃত্যু হয় বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে।
তেওঁলোকে জনোৱা মতে জিলাখনৰ বৰহোলা গাঁৱত স্থানীয় লোকে হাতীটোৰ মৃতদেহ দেখা পাই বন বিভাগক খবৰ দিয়াত তেওঁলোকে ঘটনাস্থলীত গৈ হাতিটোৰ মৃতদেহউদ্ধাৰ কৰে।
তলত ওলমি থকা এডাল উচ্চ-ভল্টেজ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলতে হাতীটোৰ মৃত্যু হয় বুলি বন বিভাগে জানিবলৈ দিয়ে।
হাতীটোৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় আৰু স্থানীয় লোকৰ সহায়ত বন বিষয়াসকলে হাতীটোক সমাধিস্থ কৰে বুলি জনায়।
লগতে পঢ়ক –অনুশীলনৰ সময়ত ৰোহিতৰ সোঁ হাতত আঘাত