নিউজ ডেস্ক- কালি নিশা অসমৰ পৰা গুজৰাটলৈ হাতী সৰবৰাহ কাণ্ডক লৈ পাটশালাত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে, পাঠশালাত নিশা প্ৰায় ৯ বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত স্থানীয় ৰাইজ আৰু দল সংগঠনে বহি:ৰাজ্যলৈ নি থকা অৱস্থাত ৩ খনকৈ হাতী সৰবৰাহ কৰা ট্ৰাক আবদ্ধ কৰাৰ লগতে সন্দেহযুক্ত দুখন ফৰচুনাৰ গাড়ী আবদ্ধ কৰে। লগে লগে পাঠশালাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।

তথ্য অনুসৰি, গাড়ী কেইখনত গুজৰাটৰ নাম্বাৰ দেখি পাঠশালা স্থানীয় ৰাইজ আৰু দল সংগঠনে গাড়ীকেইখন আবদ্ধ কৰিছিল। একাংশ ৰাইজে আবদ্ধ কৰা ফৰচুনাৰ গাড়ী এখনৰো ক্ষতি সাধন কৰে।

কিছু সময় পাছতে উক্ত স্থানত বজালীৰ আৰক্ষী আহি উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।আৰক্ষীয়ে তদন্ত কৰা পাছতে হাতী সৰবৰাহৰ গাড়ীকেইখন যাবলৈ অনুমতি দিয়ে। আৰক্ষীয়ে অনুমতি দিয়াৰ পাছতে ৰাইজে উত্তেজিত হয় আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যম হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply