নিউজ ডেস্ক: শুকুৰবাৰে অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই প্ৰবল ব্ৰহ্মপুত্ৰ নদীত ১২ ঘণ্টীয়া সাঁতোৰ সমাপ্ত কৰে। সাঁতোৰবিদগৰাকীৰ এই কামত অংশীদাৰ হৈছিল ৰিমো সাহা। তেওঁ ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া ৫ বজালৈকে সাঁতুৰিছিল।

সাঁতোৰবিদগৰাকীৰ মতে, প্ৰবল সোঁতৰ বাবে জনাজাত ব্ৰহ্মপুত্ৰ নদীত আজিলৈকে এইটোৱেই আছিল আটাইতকৈ দীঘলীয়া সাঁতোৰ।

এলভিন আলী হাজৰিকাই বাৰ্তাৰ জৰিয়তে জনাইছে, ‘ব্ৰহ্মপুত্ৰ নদীত মোৰ ১২ ঘণ্টীয়া সাঁতোৰ সম্পূর্ণ কৰিলোঁ৷ ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে সাঁতুৰিলোঁ, মোৰ সাঁতোৰৰ সংগী ৰিমো সাহাৰ সৈতে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply