নিউজ ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। ধেমাজি বঙালমাৰীত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনাটো।

কেশৱ নাথ নামৰ দুধৰ্ষ ডকাইতটোৱে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে গুলীবিদ্ধ কৰা হয় ডকাইটোক। আহত ডকাইটোক বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, চুকাফা নগৰত ৪মে’ দিনা সংঘটিত হোৱা এক ডকাইতি কাণ্ডত কেশৱ নাথ জড়িত আছিল। ডকাইতি সময়ত কেশৱ নাথে ব্যৱহাৰ কৰা পিষ্টলটোৰ সম্ভেদত দিবলৈ আৰক্ষী দলটোক বঙালমাৰীলৈ লৈ গৈছিল।

পিষ্টলটোৰ সম্ভেদ পাই আৰক্ষীক কেশৱ নাথে পিষ্টলটো চমজাই দিয়া চলেৰে আৰক্ষীক গুলীয়াবলৈ উদ্যত হৈছিল। তাৰ পিছতেই ডকাইত কেশৱক ৰুধিবলৈ গুলীচালনা কৰিবলগীয়া হয় আৰক্ষীয়ে।

লগতে পঢ়ক – AMCH ৰ ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ গোচৰৰ আজি চূড়ান্ত ৰায়দান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply