নিউজ ডেস্ক- আজি নতুন দিল্লীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে এন এইচ পি চি লিমিটেডে অৰুণাচল প্ৰদেশ/অসমত অৱস্থিত সুৱনশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্প (২০০০ মেগা ৱাট)ৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰে।

শক্তি মন্ত্ৰীগৰাকীয়ে নিৰ্মাণৰ অগ্ৰগতি, প্ৰকল্পটোৰ সৈতে জড়িত সুৰক্ষাৰ দিশ আৰু আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।  বৰ্তমানৰ অৱস্থাৰ লগতে সুৰক্ষাৰ বিবেচনাৰ বিশদ বিৱৰণ, পৰৱৰ্তী বাৰিষাৰ মাহৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত কাৰিকৰী মানদণ্ড অনুসৰি ইয়াৰ প্ৰস্তুতি দাঙি ধৰে। প্ৰকল্পটোৱে বান্ধ কংক্ৰিটিঙৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বিগত সময়ছোৱাত ২.৫ লাখ ঘনমিটাৰতকৈ অধিক কংক্ৰিট ঢালি দি ৩৭ মিটাৰ বান্ধৰ উচ্চতা বৃদ্ধি কৰা হৈছে। আগলৈ, পাৱাৰ হাউছৰ নদীৰ ফালে থকা দেৱালখন ১১৬ মিটাৰ নিৰাপদ উচ্চতালৈ উন্নীত কৰা হৈছে। বৰ্তমান প্ৰায় পানী পৰিবাহী ব্যৱস্থা সম্পৰ্ন্ন হৈছে।

পুনৰীক্ষণৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কামৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি এন এইচ পি চিক সকলো প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা লৈ আগবাঢ়ি যাবলৈ নিৰ্দেশ দিয়ে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply