গেৰেথ ছাউথগেটৰ ৰণকৌশল সদায়ে ৰক্ষণশীল আৰু সতৰ্ক হয় যাতে দ্ৰুত প্ৰত্যাক্ৰমণৰ সময়ত দলটো সুৰক্ষিত থাকে ৷ তিনিজন ডিফেণ্ডাৰ আৰু তেওঁলোকক সহায়ৰ বাবে আগত দুজন পাইভট মিডফিল্ডাৰ ৷ সেয়ে তেওঁৰ পছন্দৰ ফৰ্মেচন প্ৰায়ে ৩-৪-২-১ বা ৩-৫-২ হয় ৷ কিন্তু সকলোকে আচৰিত কৰি ছাউথগেটে বিশ্বকাপতে বাজী খেলিলে ৷ তাকো ইৰানৰ দৰে কঠিন ৰক্ষণ আৰু সুযোগসন্ধানী প্ৰত্যাক্ৰমণৰ বাবে বিখ্যাত দলৰ বিৰুদ্ধে ৷ সেই বাজীয়ে সুন্দৰ ফলো দিলে ৷

যি ইৰানৰ বেহু ভেদ কৰিবলৈ ২০১৪ চনৰ ৰাণাৰ্ছআপ আৰ্জেন্টিনাই ৯০ মিনিট কষ্ট ভোগ কৰিছিল আৰু লিঅ’নেল মেছিৰ একক যাদুৰ সহায় ল’ব লগা হৈছিল, সেই ইৰানৰ ৰক্ষণ কালি ছাউথগেটৰ মাষ্টাৰক্লাছত ছিৰাছিৰ হৈ গৈছিল ৷ ছাউথগেটৰ ফৰ্মেচন আছিল আক্ৰমণাত্মক ৪-৩-৩ ৷ তেওঁৰ এই বাজীৰ সাহস আছিল ইংলেণ্ডৰ এগাল যুৱ প্ৰতিভা। এই ক্ষেত্ৰত তেওঁৰ তুৰূপৰ তাছ আছিল জাৰ্মান ক্লাব বৰুছিয়া ডৰ্টমুণ্ডৰ মিডিফিল্ডাৰ জুড বেলিংহাম ৷ বক্সৰ বাহিৰে ভিতৰে বেলিংহামক ৰক্ষণ বিভাগক ব্যস্ত ৰাখি সুৰুঙা তৈয়াৰৰ দায়িত্ব দিয়া হৈছিল ৷ আৰু ১৯ বছৰীয়া বেলিংহামে সেই দায়িত্ব পালন কৰিছিল নিখুঁতভাৱে ৷

চেলছি ক্লাবৰ মেছন মাউন্টৰ লগত বেলিংহামক মিডফল্ডৰ সন্মুখত আক্ৰমণ ৰচনা কৰিবলৈ দিয়া হৈছিল। তেওঁলোকৰ পিছফালে আছিল ৰক্ষণাত্মক ডেক্লান ৰাইচ। ফলত প্ৰথমাৰ্ধত ইংলেণ্ডে মিডফিল্ড সম্পূৰ্ণ দমন কৰি ৰাখিলে আৰু তাৰ সুবাদত দুই ফুলবেক লুক শ্ব আৰু কিৰেন ট্ৰিপিয়াৰেও অভাৰলেপৰদ্বাৰা আক্ৰমণত নামি পৰি ইৰানৰ ৰক্ষণ বাৰে বাৰে ফালি দিবলৈ সক্ষম হ’ল। কালি ইংলেণ্ডে কৰা তিনিটা গ’লেই আছিল শ্বৰ অগ্ৰগামী খেলৰ ফল । মাউন্ট আৰু বেলিংহামে ইৰানৰ ৰক্ষণৰ মাজভাগ দখল কৰাৰ লগতে শ্ব আৰু ট্ৰিপিয়াৰৰ অভাৰলেপৰ বাবে দুই উইংগাৰ আৰ্ছেনাল ক্লাবৰ বুয়াকো ছাকা আৰু চেলছিৰ ৰহীম ষ্টাৰ্লিঙে ইৰানৰ ফুলবেক দুজনক ব্যস্ত কৰি ৰাখিছিল এজন বনাম দুজন বা দুজন বনাম এজনৰ যুঁজেৰে ৷ ইয়াৰ বাবেই বেলিংহামে প্ৰথম গ’লটো ইৰানৰ ৰক্ষণৰ কোনো পহৰা অবিহনেই স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল ৷

ছয়োটা গ’ল চালেই গম পোৱা যায় কিদৰে আক্ৰমণত কিদৰে প্ৰতিজন খেলুৱৈয়ে অংশ লৈছিল সমানে ৷ কিদৰে শ্ব, ট্ৰিপিয়াৰৰ অহৰহ অ’ভাৰলেপ, ছাকা, ষ্টাৰ্লিঙৰ গতি আৰু মাউণ্ট তথা বেলিংহামৰ গ’লমুখী গতিবিধিয়ে ইৰানৰ অতি ৰক্ষণাত্মক কৌশল সফল হ’ব নিদিলে ৷ তাতোকৈ ডাঙৰ কথা, জেক গ্ৰিলিশ্ব, মাৰ্কাছ ৰাশ্বফ’ৰ্ড আৰু ফিল ফ’ডেনৰ দৰে খেলুৱৈক বেঞ্চত বহুৱাই থোৱাৰ বিলাসিতা কৰিব পৰা প্ৰশিক্ষক বিশ্বকাপত ছাউথগেটৰ বাদে কমেই আছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply