অমিতাভ বচ্চন, ফাইল ফটো

নিউজ ডেস্ক:
অসুস্থ বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ। ইয়াৰ বাবে তেওঁৰ এক অস্ত্ৰোপচাৰ হবলৈ গৈ আছে। নিজেই নিজৰ ব্লগৰ জৰিয়তে অনুৰাগী সকলৰ আগত এই কথা সদৰি কৰে।
ছচিয়েল মিডিয়াত টুইটাৰ আৰু ব্লগৰ জৰিয়তে সক্ৰিয় হৈ থকা বিগ বি য়ে তেওঁৰ অস্ত্ৰোপচাৰৰ বিষয়ে ব্লগৰ জৰিয়তেই জানিবলৈ দিয়ে। এই বিষয়ে উল্লেখ কৰি তেওঁ কয় যে,‘মেডিকেল কণ্ডিছন, ছাৰ্জাৰী, লিখিব নোৱাৰো।’

কিন্তু তেওৰ অসুখ কি, কিহৰ অস্ত্ৰোপচাৰ হ’ব সেই বিষয়ে কোনো ধৰণৰ কথা জনোৱা নাই বিগ বিয়ে।
হঠাতে বিগ বিৰ পৰা অহা এনে খবৰে সকলোকে বিচলিত আৰু শংকিত কৰি তুলিছে। ক’ভিডত আক্ৰান্ত হৈ সুস্থ হৈ ঘৰলৈ ওভতাৰ পিছত অমিতাভক আজিলৈকে ৰাজহুৱা স্থানত দেখা হোৱা নাছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply