নিউজ ডেস্কঃ পুনৰ বলীউডত উজ্বলিছে অসম সন্তান বলৰাম দাস। শেহতীয়াকৈ অটিটি প্লেটফৰ্মত মুক্তি লাভ কৰা ‘এ থাৰ্ছ ডে’ নামৰ চলচ্চিত্ৰখনত কৰা অভিনৱ অভিনয়ৰে তেওঁ চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ হৃদয় দখল কৰিবলৈ সক্ষম হৈছে। বলৰাম দাসৰ সৈতে চলচ্চিত্ৰখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতম, নেহা ধূপীয়া, ডিম্পল কাপাড়িয়া আৰু বহুকেইজন জনপ্ৰিয় অভিনেতাই।

‘এ থাৰ্ছ ডে’ নামৰ চলচ্চিত্ৰখনে ১৭ ফেব্ৰুুৱাৰীত ডিজনী প্লাছ আৰু হটষ্টাৰত মুক্তিলাভ কৰিছিল।

ইয়াৰ পূৰ্বেও বলৰাম দাসে ‘হাইদৰ’, ‘অকে জানু,’ ‘গব্বৰ ইজ বেক’ আদিকে ধৰি বলীউডৰ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ হিন্দীয়েই নহয় ইংৰাজী ভাষাৰো কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে।

লগতে পঢ়কঃডাউড ইব্ৰাহিমৰে ধন লেনদেনৰ অভিযোগঃ গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকক

বলৰাম দাসে অভিনয় কৰা অসমীয়া চলচ্চিত্ৰ কেইখন হৈছে ‘অন্তৰীণ’, ‘বিউটিফুল লাইভছ’।

গুৱাহাটীত জন্ম গ্ৰহণ কৰা বলৰাম দাসে খাৰঘূলীৰ লাল সিং একাডেমীৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলিছিল। তেওঁ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা বায়’কেমেষ্ট্ৰিত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০০৪ চনত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ নেচনেল স্কুল অৱ ড্ৰামাত যোগদানৰ বাবে দিল্লীলৈ যায়। যদিও তেওঁ প্ৰথম প্ৰচেষ্টাত নামভৰ্তিৰ বাবে ব্যৰ্থ হৈছিল তথাপিও নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখি ২০০৬ চনত নামভৰ্তিৰ সুযোগ লাভ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply