গুৱাহাটী: আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বিজেপি মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়কে ছবিগৃহত গৈ উপভোগ কৰিব সদ্য মুক্তিপ্ৰাপ্ত বহু চৰ্চিত নতুন হিন্দী চলচ্চিত্ৰ ‘দ্যা কাশ্মীৰ ফাইলছ’।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জনোৱা মতে গুৱাহাটীৰ এটা মাল্টিপ্লেক্সত তেওঁলোকে আজি সন্ধিয়া ৬.৩০ বজাৰ দৰ্শনী উপভোগ কৰিব। বিবেক অগ্নিহোত্ৰিৰ পৰা পৰিচালিত ‘দ্যা কাশ্মীৰ ফাইলছ’ হৈছে কাশ্মীৰি পণ্ডিত সকলৰ ওপৰত চলা আক্ৰমণ আৰু তেওঁলোকে কাশ্মীৰ ত্যাগ কৰি অহা ঘটনাৱলীৰ ওপৰত আধাৰিত পূৰ্ণদৈৰ্ঘ্যৰ হিন্দী ছবি।

‘বিজেপি, অগপ আৰু ইউ পি পি এলৰ সকলো মন্ত্ৰী বিধায়কে গুৱাহাটীৰ চিটি চেণ্টাৰত গৈ দ্যা কাশ্মীৰ ফাইলছ উপভোগ কৰিব,’ মুখ্য মন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে যোৱা ১১ মাৰ্চত মুক্তি লাভ কৰা অনুপম খেৰ অভিনীত দ্যা কাশ্মীৰ ফাইলছ ছবিখনে ইতিমধ্যে সমগ্ৰ দেশজুৰি দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে। যোৱা ৪ টা দিনত ছবিখনে ৪২.২০ কোটি টকা উপাৰ্জন কৰিছে।

উত্তৰ-প্ৰদেশ, গোৱা, গুজৰাট, উত্তৰাখণ্ড আৰু কৰ্ণাটক আদি ৰাজ্যৰ চৰকাৰে ছবিখনত ওপৰত কৰ ৰেহাইৰ ঘোষণা কৰে। প্ৰথম অৱস্থাত দেশজুৰি ৬৩০ টা ছবিগৃহত মুক্তি লাভ কৰা ছবিখন বৰ্তমান ২০০০তকৈ অধিক ছবিগৃহত চলি আছে।

লগতে পঢ়ক – বৃহৎপৰিমাণৰ সামগ্ৰী কঢ়িয়াই পাণ্ডুত উপস্থিত হ’ল ৯০মিটাৰ দৈৰ্ঘ্যৰ জাহাজ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply