ক’ভিডত আক্ৰান্ত হ’ল দেশৰ কুকিলকণ্ঠি গায়িকা লতা মংগেশকাৰ। ৯০ ৰ উৰ্ধ্বৰ গায়িকাগৰাকী আক্ৰান্ত হোৱাৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক মুম্বাইৰ এখন ব্যক্তিগত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। মহান শিল্পী গৰাকীৰ ভতিজাক ৰচনা শ্বাহে সংবাদ মাধ্যমক জনোৱা মতে, তেওঁৰ বয়সৰ কথা চিন্তা কৰিয়েই চিকিৎসকে চিকিৎসাধীন কৰাবলৈ পৰামৰ্শ দিয়ে। বৰ্তমান আই চি ইউত চিকিৎসাধীন।
উল্লেখ্য যে, সমগ্ৰ দেশতে কোৰোনাৰ তৃতীয় ঢৌ অব্যাহত আছে। কোৰোনাৰ এই তৃতীয় ঢৌত দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বলিউডৰ বহু অভিনেতা, সংগীত শিল্পী কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ মাজতে বয়োবৃদ্ধ গায়িকাগৰাকী কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া অনুৰাগী সকলক চিন্তিত হৈছে।
লতা মংগেশকাৰৰ দেহত কোৰোনাৰ মৃদু লক্ষণ দেখা পোৱা গৈছে। এই বিষয়ে সংগীত শিল্পীগৰাকীৰ ভতিজীয়ে ৰাজহুৱা কৰিছে। কোভিডৰ উপৰিও তেওঁ নিউমোনিয়াত আক্ৰান্ত হৈছে। তেওঁৰ স্বাস্থ্যৰ চোৱাচিতা কৰি আছে চিকিৎসক প্ৰতিত ছমধানীৰ নেতৃত্বত এটা চিকিৎসকৰ দলে ।
লগতে পঢ়ক- যোৱা ২৪ ঘণ্টাত ৰাজ্যত ২০০০তকৈ অধিক লোক ক’ভিডত আক্ৰান্ত