নিউজ ডেস্কঃ ‘হম ৰহে য়া না ৰহে কল…’ মঙলবাৰে কলকাতাৰ নজৰুল মঞ্চত এই গীতটো পৰিৱেশন কৰাৰ লগে লগে মুগ্ধ হৈ পৰিছিল শ্ৰোতা দৰ্শক। সকলোৱে সমানে ম’বাইলৰ ফ্লেছ লাইট জ্বলাই সঁহাৰি জনাইছিল। এই গীতটোৱে আছিল বলীউড শিল্পী কে কেৰ মৃত্যুৰ কেইঘণ্টামান পূৰ্বে পৰিৱেশন কৰা শেষ গীত।

কন্ঠশিল্পী কে কে (কৃষ্ণকুমাৰ কুন্নাথ) আৰু নাই। সমগ্ৰ ভাৰতবাসীৰ বাবে এক দুঃখবৰ। হাৰ্ট এটেকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। মঙলবাৰে নিশা শিল্পী গৰাকীয়ে ৮.৩০ বজাত কলকাতাৰ নজৰুল মঞ্চত এক সংগীতানুষ্ঠানত অংশ লৈছিল। সংগীতানুষ্ঠান শেষ হোৱাৰ পাছত হঠাৎ তেওঁ অসুস্থ হোৱাত হোটেললৈ উভতি আহে। হোটেলত তেওঁ ঢলি পৰাত ততাতৈয়াকৈ কলকাতাৰ চি এম আৰ আই হাস্পতাললৈ লৈ যোৱা হয়। হস্পিতালত ভৰ্তি কৰোৱাৰ পাছতে ইতিমধ্যে চিকিৎসকে তেওঁ মৃত ঘোষণা কৰে। শিল্পী গৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই আজি পুৱাই বিমানযোগে মুম্বাইৰ পৰা তেওঁৰ পত্নী আৰু পুত্ৰ-কন্যা কলকাতাত উপস্থিত হৈছেহি। বিগত দুদিন ধৰি কলকাতাত কন্ঠশিল্পীগৰাকীয়ে একাদিক্রমে কেইবাটাও সংগীতানুষ্ঠানত অংশ হৈছিল।

কণ্ঠশিল্পীগৰাকীয়ে দেশবাসীক বহুকেইটা জনপ্ৰিয় গীত উপহাৰ দিছে। “তু হি মেৰী চব হেয়” ,”তড়প তড়প”, ”আখো মে তেৰী” ইত্যাদি গীতবোৰ তেওঁৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত অন্যতম। ১৯৯৯ চনত মুক্তিলাভ কৰা “পল” নামৰ তেওঁৰ প্ৰথমটো গীতৰ এলবামে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। “পল” এলবামটোৰ ‘য়াৰো দোস্তি বড়ী হি হাছিন হে’ গীতটো এতিয়াও নৱপ্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়। কে কেৰ এই গীতটোৱে সকলোৰে স্কুল-কলেজীয়া জীৱনক স্মৰণীয় কৰি তুলে।

কে কে (কৃষ্ণকুমাৰ কুন্নাথ) কেৱল হিন্দীয়ে নহয় তামিল, তেলেগু, কানাড়া, মালয়ালম, মাৰাঠী, উড়িয়া,বঙালী, অসমীয়া আৰু গুজৰাটী ভাষাতো গীত পৰিৱেশন কৰিছে।

কন্ঠশিল্পীগৰাকীৰ মৃত্যুত বলীউড অভিনেতা অক্ষয় কুমাৰ, কন্ঠশিল্পী আৰমান মালিক, শেখৰ ৰাভজিয়ানী, ৰাহুল বৈদ্য, মুনমুন দত্ত, হৰ্ষদীপ কৌৰকে ধৰি চেলিব্ৰিটিসকলে টুইট যোগে শোক প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ বলীউডতে শোকৰ ছাঁ পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply