অভিনেত্ৰী শশীকলা

নিউজ ডেস্ক: বলীউডৰ ৬০/৭০ দশকৰ খলনায়িকা ৰূপে জনপ্ৰিয় অভিনেত্ৰী শশীকলাৰ মৃত্যু । শশীকলা ওমপ্ৰকাশ চাইগলৰ আজি মুম্বাইৰ কোলাবাত দুপৰীয়া ১২ বজাত মৃত্যু হয়।
মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৮৮ বছৰ। প্ৰায় ১০০খনৰো চলচ্চিত্ৰত অভিনয় কৰা শশীকলাই নায়িকাৰ লগতে খলনায়িকাৰ চৰিত্ৰও ৰূপায়ণ কৰিছিল। খলনায়িকাৰ চৰিত্ৰতে অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল শশীকলাই ।
১৯৩২ চনৰ ৪ আগষ্টত জন্মলাভ কৰা শশীকলাই অভিনয় জীৱনত বহুকেইটা বঁটা-সন্মান লাভৰ লগতে দুটাকৈ ফিল্মফেয়াৰ এৱাৰ্ড আৰু ২০০৭ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানীত কৰিছিল।
বিমলা,সুজাতা,আৰতি,অনুপমা,ৱক্ত, গুমৰাহ, খুবচুৰত, বোম্বে, ৰূপীয়া, ৰাজ ৰাণী, অৰ্জু, চৰকাৰ, অনুপমা, ফুল অ’ৰ পাত্থৰ, পতি-পত্নী, ঘৰ ঘৰ কি কাহানী আদি বহু ছবিত ভিন্ন চৰিত্ৰত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,888 other subscribers

Leave a comment

Leave a Reply