দক্ষিণ শালমাৰা : শ্ৰেণী কোঠা নাই, গুনোৎসৱ পতাক লৈ চিন্তিত শিক্ষক। দক্ষিণ শালমাৰাৰ মাটিফাটাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই বিপদ মাতিছে চাৰি শতাধিক শিক্ষাৰ্থীৰ ভৱিষ্যতলৈ। খহনীয়াৰ কলত পৰি ভাঙিব লগীয়া হ’ল চতলাৰপাৰ চৰকাৰী এম ই স্কুলৰ ৫ টাকৈ গৃহ। নতুনকৈ বিদ্যালয় স্থাপনৰ বাবে নাই মাটি।পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী।
বিগত কিছুদিন ধৰি দক্ষিণ শালমাৰাৰ মাটিফাটা এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে। দুটা মাহৰ ভিতৰত প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ গৰাখহনীয়াৰ কবলত পৰাত স্থানান্তৰ কৰিবলগীয়া হৈছে। কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নদীত জলপৃষ্ট বৃদ্ধি পোৱাৰ লগে লগে গৰাখহনীয়াৰ ভয়াবহতা বৃদ্ধি পাইছে। ফলত গাওঁখনৰ সাধাৰণ লোকৰ লগতে খহনীয়াৰ কৱলত পৰিছে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান।
লগতে পঢ়ক – কাঁ চলচ্চিত্ৰ মহোৎৱলৈ ‘বুম্বা ৰাইড’, তেন্তে অসম চৰকাৰে কিয় বিষয়া-আমোলাক মহোৎসৱটোলৈ পঠিয়াইছে?
বিশেষকৈ ১৯৬০ চনত স্থাপন কৰা চতলাৰপাৰ এম ই স্কুল বৰ্তমানে গৰাখহনীয়াৰ কবলত পৰি চাৰি শতাধিক শিক্ষাৰ্থীৰ ভৱিষত অন্ধকাৰৰ দিশে গতি কৰিছে। গৰাখহনীয়াৰ কবলত পৰা বিদ্যালয়খনৰ গৃহ ভাঙিবলগীয়া হৈছে। বিদ্যালয়খনৰ পাঁচটাকৈ গৃহ ভাঙি পোলোৱা হৈছে। বিদ্যালয়খনত তৃতীয় পৰ্যায়ৰ গুনোৎসৱৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল। কিন্তু গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে পাঁচটা ঘৰ ভাঙি পেলোৱাৰ লগতে আন ঘৰ কেইটা ভাঙিবলগীয়া হোৱাত এইবাৰ বিদ্যালয়খনত গুনোৎসৱ নোহোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।