নিউজ ডেস্কঃ ৰাজ্যত এতিয়া বৃদ্ধি পাইছে কুকুৰা আৰু গাহৰিৰ মূল্য। বৰ্তমান বহিঃৰাজ্যৰ পৰা কুকুৰা আৰু গাহৰি অসমত প্ৰৱেশ নিষিদ্ধ কৰি ৰখা হৈছে।

শনিবাৰে জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী অতুল বৰাই এক বৈঠকত মিলিত হয়। অসমৰ থলুৱা পশুপালকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বহিঃৰাজ্যৰপৰা অসমলৈ কুকুৰা আৰু গাহৰিৰ পৰিবহণ নিষিদ্ধ কৰাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ মূল্যায়ন বাবে ৰাজ্যৰ পশুপালন খণ্ডৰ উন্নয়ন সম্পৰ্কীয় বিভিন্ন বিষয় বৈঠকত আলোচনা কৰা হয়।

বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সঞ্চালক ইন্দিৰা কলিতা, সচিব অভিজিত বৰুৱা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক অনিল দেউৰী, যুটীয়া সচিব আশ্ৰাফুল আমিন প্ৰমুখ্যে বিভাগটোৰ আন বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক – জনতা ভৱনত ৰাজ্যৰ “জল জীৱন মিছন”ৰ বৰ্তমানৰ স্থিতি বিষয়ে আলোচনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply