আজি দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে জনায় যে ধুমুহাত ক্ষতিগ্ৰস্ত প্ৰত্যেক পৰিয়ালেই লাভ কৰিব টকা।

বিগত বছৰৰ দৰেই এইবাৰো ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেকেই চৰকাৰী ধন লাভ কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা ফালৰ পৰা ইতিমধ্যেই জিলা উপায়ুক্ত আৰু চক্ৰ বিষয়াসমূহক জনায় থোৱা আছে যে ধুমুহা হৈ যোৱা ৪৮ঘন্টাৰ ভিতৰত তেওঁলোকে পৰ্টেলসমূহত ক্ষতিগ্ৰস্ত হোৱা ফটোসমূহ আপলোড দিবলৈ আৰু নিদিষ্ট ঠাইত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লবলৈ। দুৰ্যোগ মোকাবিলা কৰি ৰাইজক সকাহ দিবলৈ আগতীয়াকৈ জিলা উপায়ুক্তলৈ ধন দিয়া হ’ব।

তেওঁ কয় যে, বিগত বৰ্ষত সম্পূৰ্ণভাৱে ক্ষয়-ক্ষতিৰ বাবে ৯৫হাজাৰকৈ টকা দিয়া হৈছিল যদিও এইবাৰ ১লাখ ২০হাজাৰকৈ দিয়া হ’ব। আংশিকভাৱে ক্ষতিগ্ৰস্ত হলে ৫হাজাৰকৈ দিয়া হ’ব।

আনহাতে, কোনো ব্যক্তি যদি মৃত্যু হয় তেন্তে ৪৮ ঘন্টাৰ ভিতৰত পৰিয়ালটোক ৪লাখকৈ টকা চৰকাৰে প্ৰদান কৰিব। মৃত্যু হোৱা লোকৰ গাওঁবুঢ়া প্ৰমাণপত্ৰ আৰু মৃত্যু প্ৰমাণপত্ৰ দিলেই এই ধন লাভ কৰিব পৰিয়ালটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply