নিউজ ডেস্ক- পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান। ভাঙিছে ইটোৰ পাছত সিটোকৈ ঘৰ। দেওবাৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে উচ্ছেদ অভিযান। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ ১১০০০বিঘা মাটি বেদখল মুক্ত কৰাৰ উদ্দেশ্যে এই অভিযান অব্যাহত আছে।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ চৰ্দাৰ চৰ,ঠেংভঙা চৰ,বিস্কুটি চৰ, পানচু চৰ, টেঙাগুৰি চৰ আৰু চিতলমাৰী চৰত উচ্ছেদ চলায় বেদখল মুক্ত কৰাৰ কথা সদৰি কৰিছে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। 

আনহাতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত শোণিতপুৰ জিলাৰ অন্তৰ্গত মুছলিম চৰ, শিঙৰী চৰ আৰু বাদুলী চৰত বেদখলকাৰীৰ বিৰুদ্ধে কাইলৈ উচ্ছেদ অভিযান চলোৱা হ’ব আৰু উদ্যানখনৰ শোণিতপুৰ জিলাৰ ৯টা চৰত ৭৯৭টা পৰিয়ালৰ ৫০০০গৰাকী লোকে বেদখল কৰি থকা ১১০০০বিঘা ভূমি বেদখল মুক্ত কৰা হ’ব বুলি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সদৰি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply