বটদ্ৰৱাৰ বেদখলকৃত ভূমিত উচ্ছেদ অভিযান আৰম্ভ
সোমবাৰে পুৱাৰে পৰা বটদ্ৰৱাৰ বেদখলকৃত ভূমিত চলিল উচ্ছেদ অভিযান।
বিগত তিনিদিন ধৰি ফ্লেগমাৰ্চ কৰাৰ পাছত দেওবাৰে সামৰিক বাহিনীয়ে বটদ্ৰৱা বীজ পামৰ মুকলি পথাৰত অস্ত্ৰ-শস্ত্ৰৰে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হয়। ইফালে সহস্ৰাধিক আৰক্ষীৰ কুচকাৱাজত আতংকময় পৰিৱেশৰ মাজতে সোমবাৰে আৰম্ভ হোৱা উচ্ছেদৰ পূৰ্বেই বাসগৃহ ত্যাগ কৰিছে বহু বেদখলকাৰী পৰিয়ালে। আনহাতে, বৰ্তমানলৈ কিছু লোক বাসগৃহ ত্যাগ কৰিবলৈ মান্তি হোৱা নাই। গোপন সূত্ৰৰ পৰা জানিব পৰা মতে বেদখলকাৰী বহুতৰে অন্য ঠাইত নিজা মাটি-সম্পত্তি আছে।
উল্লেখ্য যে, পূৰ্বেও সাত বাৰকৈ বটদ্ৰৱাৰ হাইডুবি পথাৰ, হাইডুবি কৃষি বীজ পামত উচ্ছেদ চলিছিল যদিও ফুটুকাৰ ফেন হৈ পুনৰ বেদখলকাৰীয়ে এজন দুজনকৈ আহি নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰে।
ৰবিবাৰে মধ্য অসম আৰক্ষী উপ মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই বটদ্ৰৱাত উপস্থিত হৈ সমগ্ৰ বেদখলকৃত স্থান সমূহ নিৰিক্ষণ কৰি পাছত সাংবাদিকক সম্বোধন কৰে। আৰক্ষী উপ মহাপৰিদৰ্শক গৰাকীয়ে জানিব দিয়া মতে, সোমবাৰৰ পৰা শান্তিজান বজাৰ, বটদ্ৰৱাৰ হাইডুবি পথাৰ, হাইডুবি কৃষি বীজ পাম, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, ৰামপুৰ সত্ৰ, লালুং গাঁও, ধনিয়াভেটী, জামাই বস্তিত উচ্ছেদ অভিযান চলিব।
উল্লেখ্য যে, যোৱা মে’ মাহত বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ ঘটনাৰ দৰে ভংয়কৰ ঘটনাৰ পাছত সোমবাৰে পৰা চলিব লগিয়া উচ্চেদ অভিযানৰ বাবে বটদ্ৰৱাত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। আনহাতে নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলেই প্ৰকাশ কৰিছে যে তেওঁলোকে নগাঁও জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, ৰাজহ বিভাগৰ সহযোগত সোমবাৰে উচ্ছেদৰ বাবে বিশেষ ভাৱে সস্তম বুলি জানিবলৈ দিয়ে। ইফালে সোমবাৰে আৰম্ভ হোৱা উচ্ছেদ অভিযানৰ পূৰ্বে ৰবিবাৰে বিয়লি প্ৰশাসনে ১৪৪ ধাৰা জাৰী কৰি জাননী প্ৰকাশ কৰে।