নিউজ ডেস্ক: দুৰ্নীতিৰ অভিযোগত মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অমল তালুকদাৰ নিলম্বন।

জলসিঞ্চন বিভাগৰ সচিব পৱিত্ৰৰাম খাউণ্ডে ৮ জুনত দিয়া এক নিৰ্দেশ মতে সহকাৰী কাৰ্যবাহী অভিযন্তা অমল তালুকদাৰক নিলম্বন কৰে।

মঙলদৈ, দলগাঁও, ছিপাঝাৰত বিভিন্ন কামত নিয়ম বহিৰ্ভূত কাৰ্যত লিপ্ত হোৱাৰ বাবে নিলম্বন কৰা হয় কাৰ্যবাহী অভিযন্তা অমল তালুকদাৰক। 

ঠিকাদাৰক বিল আদায় নিদিয়া,  তথ্যৰ বিসংগতি কৰা,  কাৰ্যালয়ৰ বিশৃংখলতা কৰা,  কৰ্তৃপক্ষক বিপথে পৰিচালনা কৰা আদি বিভিন্ন অভিযোগত উত্থাপিত হৈছিল অমল তালুকদাৰৰল বিৰুদ্ধে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply