ইষ্ট ম’জ’ অসম ফেক্ট চেক: বৰ্তমান দেশজুৰি চৰ্চাত আছে “দ্যা কেৰালা ষ্ট’ৰী” নামৰ ছবিখন। ছবিখনক লৈ ছবি জগতৰ মানুহৰ মাজত চৰ্চা হোৱাতকৈ ৰাজনৈতিক মহলত ই এক বৰ্তমান বিশেষ স্থান লাভ কৰিছে।
বিজেপি শাসিত চৰকাৰৰ ৰাজ্যত যদি ছবিখনক কৰমুক্ত কৰিছে ইফালে পশ্চিমবংগ নতুবা তামিলনাড়ু দৰে ৰাজ্যত নিষিদ্ধও ঘোষণা কৰা হৈছে। দ্যা কেৰালা দ্যা ষ্ট’ৰীত কেৰালাৰ ৰাজ্যৰ পৰা ৩২,০০০ হিন্দু আৰু খ্ৰীষ্টান যুৱতীক ইছলাম ধৰ্মলৈ ৰূপান্তৰ কৰি মধ্য পাৰস্য দেশলৈ সন্ত্ৰাসবাদীৰ যৌন কৰ্মী হিচাপে ব্যৱহাৰ কৰিবলৈ লৈ যোৱা হৈছিল বুলি ছবিখনত প্ৰতিফলিত কৰা হৈছে। ছবিখনত ৩২,০০০ যুৱতীৰ কাহিনীটো ৪ গৰাকী ছোৱালীৰ দ্বাৰা দেখুৱাবলৈ যত্ন কৰা হৈছে।
শেহতীয়া ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ এক নিৰ্বাচনী ৰেলীত ভাষণ প্ৰদান কৰি দ্যা কেৰালা ষ্ট’ৰী চাবলৈ অনুৰোধ জনাই। ইয়াৰ পিছতেই ৰাজনৈতিক মহলত, সংবাদ মাধ্যমত আৰু সমাজিক মাধ্যমত বিয়পি পৰে ২০১৬ ৰ পৰা ২০২০ চনলৈ গুজৰাটৰ ৪১,৬২১ যুৱতী নিৰুদ্দেশ কথা।
ইয়াৰে আলম লৈ সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰাৰ আৰম্ভ হ’ল যে, গুজৰাটৰ ৪১,৬২১ যুৱতী নিৰুদ্দেশৰ কথা কিয় নকয়?
তদন্ত: আমি গুজৰাটৰ ৪১,৬২১ গৰাকী যুৱতীৰ নিৰুদ্দেশৰ হোৱা ঘটনাটোৰ বিষয়ে তদন্ত কৰা আৰম্ভ কৰিলোঁ। ২০১৬ – ২০২০ চনৰ লৈ ৪১,৬২১ যুৱতীৰ নিৰুদ্দেশ হোৱা তথ্যটো নতুন দিল্লীস্থিত কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)য়ে নিজেই প্ৰকাশ কৰিছিল।
ৰাজনৈতিক মহলত তথা সামাজিক মাধ্যমত বিষয়টো চৰ্চাৰ মাজতেই গুজৰাট পুলিচে এক টুইট জৰিয়তে এক বিশেষ বাৰ্তা প্ৰদান কৰি বিষয়টোৰ অৱসান ঘটাইছে।
গুজৰাট পুলিচে নিজা অফিচিয়েল টুইটাৰ পৰা টুইট কৰি লিখে যে, “নতুন দিল্লীৰ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্য সূত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে গুজৰাটত ৫ বছৰত ৪০,০০০ মহিলা সন্ধানহীন হৈছে। অৱশ্যে, ভাৰতত ২০২০ ত অপৰাধত প্ৰকাশিত তথ্য অনুসৰি ২০১৬-২০২০ বৰ্ষত ৪১,৬২১ গৰাকী যুৱতী নিৰুদ্দেশ হৈছিল”।
ইয়াৰ আগলৈ লিখে,
“NCERB ৰ তথ্য আগত ৰাখি কিছু সংখ্যক সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে, ২০১৬ চনৰ পৰা ২০২০ চনৰ ভিতৰত গুজৰাটত ৪১,৬২১ যুৱতী নিৰুদ্দেশ হৈছে। নিৰুদ্দেশ হোৱা যুৱতীৰ বৰ্তমানলৈকে ৯৪.৯০% শতাংশ অৰ্থাৎ ৩৯,৪৯৭ গৰাকী যুৱতীক বিচাৰি উলিওৱা হৈছে। এতিয়া তেওঁলোক নিজ পৰিয়ালৰ সৈতে আছে। এই তথ্য ক্ৰাইম ইন ইণ্ডিয়া ২০২০ ৰ তথ্যটো উল্লেখ আছে”।
একেইটা টুইটতেই সংলগ্ন কৰি গুজৰাট আৰক্ষীয়ে লিখে,
“অনুসন্ধানত প্ৰকাশ পাইছে যে পাৰিবাৰিক বিবাদ, পলায়ন, পৰীক্ষাত বিফলতা আদিৰ বাবেহে যুৱতীসকল নিৰুদ্দেশ হৈছিল। অৱশ্যে, নিৰুদ্দেশ যুৱতীৰ ঘটনাৰ তদন্তত যৌন শোষণ, অংগ সৰবৰাহ আদিৰ বাবে সৰবৰাহ কৰাৰ ঘটনা প্ৰকাশ কৰা হোৱা নাই”।
আগলৈ আৰু লিখে যে,
“স্থানীয় আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সন্ধানহীন ব্যক্তিৰ গোচৰৰ তদন্ত কৰে। সেই তথ্যবোৰ ৱেবছাইটত প্ৰদান কৰা হয় যাতে বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ মাজত সমন্বয় থাকিব পাৰে”।
নিস্কৰ্ষ: দ্যা কেৰালা ষ্ট’ৰী ছবিখনৰ আলম লৈ গুজৰাট ৰাজ্যৰ ৪১,৬২১ যুৱতীৰ নিৰুদ্দেশৰ কথা পোহৰলৈ আহে। পোহৰলৈ আহে যদিও আধা সত্যহে সামাজিক মাধ্যমত প্ৰকাশ পাই। আধা সত্যটোক গুজৰাট আৰক্ষীয়ে ৮ মে’ দিনা উক্ত টুইট কেইটা কৰি সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে স্পষ্ট কৰি দিয়ে।
লগতে পঢ়ক – অসামৰিক সেৱাৰ প্ৰাৰ্থীসকলৰ বাবে চাণক্য আইএএছ একাডেমীৰ “ছুপাৰ ২০” বৃত্তি মুকলি