নিউজ ডেস্ক: খড়গপুৰ আইআইটিৰ ছাত্ৰ ফাইজান আহমেদৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱা পাছতে এক ভয়ংকৰ তথ্য় পোহৰলৈ আহিছে। হত্যা কৰা হৈছিল অসমৰ ছাত্ৰ ফাইজান আহমেদক।
অৱসৰপ্ৰাপ্ত ফৰেনচিক বিশেষজ্ঞ ডাঃ অজয় গুপ্তাই এই কথা নিশ্চিত কৰিছে । লগতে ফৰেনচিক বিশেষজ্ঞ গৰাকীয়ে আদালতক জনায় যে খড়গপুৰ আইআইটিৰ ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যু হোৱা নাছিল হত্যা কৰা হৈছিল ছাত্ৰজনক। ইতিমধ্যে এই তথ্য আদালতত জাৰী কৰিছে ফৰেনচিক বিশেষজ্ঞ সমিতিখনে।
ডাঃ অজয় গুপ্তাৰ প্ৰতিবেদন অনুসৰি, তীব্ৰ ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছিল ফাইজান আহমেদৰ । লগতে মূৰ আৰু বুকুত আঘাত আছে ।
ন্যায়াধীশ ৰাজশেখৰ মান্থাই আইআইটি খড়গপুৰৰ বিৰুদ্ধে এক বিস্ফোৰক মন্তব্য কৰি কয় যে আইআইটি খড়গপুৰে প্ৰথমটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হস্তক্ষেপ কৰিছিল যেন অনুমান হৈছে । কিয়নো প্ৰথমটো পৰীক্ষাত মূৰত পোৱা আঘাতৰ কথা উল্লেখ কৰা হোৱা নাছিল।
ইতিমধ্য অনুসন্ধানকাৰী বিষয়াই বুধবাৰৰ ভিতৰত প্ৰতিবেদন সংগ্ৰহ কৰিব। গোচৰটোৰ পৰৱৰ্তী শুনানি শুক্ৰবাৰে গ্ৰহণ কৰা হ’ব । আদালতে এই হত্যাত জড়িত অভিযুক্তক চিনাক্ত কৰাৰ বাবেও জোৰ দিছে ।
আনহাতে পৰৱৰ্তী শুনানিত কেছ ডায়েৰীখন আদালতত দাখিল কৰিব লাগিব । ইফালে ৰাজ্য চৰকাৰক শীঘ্ৰে মৃতদেহটো ফাইজানৰ জন্মস্থান অসমৰ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে আদালতে।
উল্লেখ্য যে যোৱা ২৩ মে’ত আইআইটি খড়গপুৰত মৃত্যু হোৱা অসমৰ ছাত্ৰ ফাইজান আহমেদৰ কবৰস্থ মৃতদেহ খান্দি উলিয়াইছিল । কলকাতাৰ পৰা অহা পশ্চিমবংগৰ অপৰাধ অনুসন্ধান শাখাৰ এটা তদন্তকাৰী দলে ডিব্ৰুগড়ৰ আমোলাপট্টি কবৰস্থানৰ পৰা খান্দি উলিয়াইছিল ফাইজানৰ মৃতদেহটো।