নিউজ ডেস্ক- ৭মাহৰ পাচত খান্দি উলিওৱা হ’ল IIT খড়গপুৰত মৃত্যু হোৱা অসমৰ ছাত্ৰ ফাইজান আহমেদৰ কবৰস্থ মৃতদেহ। ডিব্ৰুগড়ৰ আমোলাপট্টি কবৰস্থানত কবৰস্থ কৰা ফাইজান আহমেদৰ মৃতদেহটো কলিকতাৰ পৰা অহা পশ্চিম বংগৰ অপৰাধ অনুসন্ধান শাখাৰ এটা তদন্তকাৰী দলে খান্দি উলিয়ালে।
উল্লেখ্য যে, আইআইটি খড়গপুৰৰ হোষ্টেলত ২০২২চনৰ ১৬ অক্টোবৰত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ মেধাৱী ছাত্ৰজনৰ অৰ্ধগলিত মৃতদেহ। মৃতদেহটো উদ্ধাৰ কৰাৰ পাছতে প্ৰথমে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছিল। কিন্তু ফাইজানৰ পিতৃ-মাতৃয়ে এয়া আত্মহত্যা নহয়, হত্যাহে বুলি অভিযোগ কৰি দ্বাৰস্থ হৈছিল ন্যায়ালয়ৰ। তাৰপাছতে কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাষ্ঠাই আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাত ভালেমান গাফিলতি থকা বুলি উল্লেখ কৰি পুনৰ ফাইজানৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ যুগান্তকাৰী নিৰ্দেশ প্ৰদান কৰে। সেই নিৰ্দেশনাৰ ভিত্তিতেই কলিকতাৰ পৰা এটা তদন্তকাৰী দল উপস্থিত হৈ আজি মৃতদেহটো খান্দি উলিয়াই।
ইফালে, মৃতদেহ খান্দি উলিওৱাৰ সময়তে কবৰস্থানত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। কবৰস্থানত কলকাতাৰ তদন্তকাৰী দলটোৱে ফাইজানৰ মৃতদেহ উলিওৱাৰ সময়ত উপস্থিত হয় আই আই টি খড়গপুৰৰ কৰ্তৃপক্ষ। ফাইজানৰ মাতৃয়ে কয় যে- ‘আই আই টিৰ কৰ্তৃপক্ষক ইয়াত উপস্থিত থাকিবলৈ ন্যায়ালয়ে কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই।’ তৎস্বত্বেও ডিব্ৰুগড়ৰ এই কবৰস্থানত কিয় তেওঁলোক উপস্থিত হৈছে তাক লৈ এতিয়া সন্দেহ ঘনীভূত হৈছে।
আনহাতে, মৃতদেহ উদ্ধাৰৰ পাছতে শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক। আৰু ফাইজানৰ মৃত্যু যে হত্যাকাণ্ড সেই কথা প্ৰমাণ কৰিবৰ বাবে এতিয়া আইনী যুঁজত এনেদৰে নামি পৰিছে পিতৃ-মাতৃ।