নিউজ ডেস্ক- কালি যোৰহাটত ভূৱা উকীলক কৰায়ত্ব আৰক্ষীৰ। যোৰহাটৰ উকীল সন্থাৰ সভাপতি অবিতা হেমেন বৰা আৰু সম্পাদক শেৱালি গগৈ দত্তই বাৰত অনুশীলন কৰি থকা এগৰাকী যুৱতীক ভুৱা উকীল বুলি চিনাক্ত কৰে।

জানিব পৰা মতে, ভূৱা উকীল বুলি চিনাক্ত কৰাৰ পাছতে পৰিয়ালৰ লোকক মাতি আনি যুৱতীগৰাকীক আৰক্ষীৰ হাতত চমজাই দিয়ে। যুৱতীগৰাকীৰ পৰা উকীল সন্থাই নতুনকৈ চাকৰি পোৱা প্রার্থীৰ বাবে কৰা ৪খন এফিডেভিট জব্দ কৰে।

তথ্য অনুসৰি, যুৱতীগৰাকীৰ কাম-কাজত সন্দেহ হোৱাত উকীল সন্থাৰ কৰ্মকৰ্তাই সন্দেহবশতঃ সোধা-পোছা কৰে। কিন্তু প্ৰথমে যুৱতীগৰাকীয়ে এলএলবি উত্তীর্ণ বুলি কয় যদিও পাছত স্বীকাৰ কৰে যে তেওঁ যোৰহাট আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে আৰু নৱম চেমিষ্টাৰ উত্তীৰ্ণ হোৱা নাই।

কিন্তু তেওঁ ৬/৭ মাহে অধিবক্তাতাৰ সাজ সিন্ধি যোৰহাটৰ বাৰত কাম কৰি অহা বুলি স্বীকাৰ কৰে। তেওঁ এজন অধিবক্তাৰ অধীনত অনুশীলন কৰি থকা বুলিও প্রকাশ কৰে। আইনৰ ডিগ্রী লাভ নকৰাকৈ  আৰু উকীল সন্থাৰ অধীনত পঞ্জীয়নভুক্ত নোহোৱাকৈ উকীল সন্থাৰ চকুত ধুলি মাৰি যুৱতীগৰাকীয়ে ৬-৭ মাহ ওকালতি কৰা ঘটনাই তীব্ৰ চাঞ্চল্যতাৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply