নিউজ ডেস্ক- কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়। খাদ্য সুৰক্ষা আইনৰ অধীনত ৪০ লাখ হিতাধিকাৰীক নতুনকৈ অন্তভুক্ত কৰা হ’ব।

উক্ত আইনৰ অধীনত হিতাধিকাৰীৰ বাৰ্ষিক আয়ৰ পৰিমাণো বৃদ্ধি কৰা হৈছে। নতুনকৈ ৪০ লাখ হিতাধিকাৰী জুলাই মাহৰ শেষ সপ্তাহৰ পৰা অন্তৰ্ভুক্ত হ’ব। লগতে ৰেচন কাৰ্ডসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ’ব।

উল্লেখ্য যে, উক্ত কেবিনেটে খাদ্য সুৰক্ষাৰ বাবে হিতাধিকাৰীৰ আগতে থকা বার্ষিক ২.৫ লাখ টকাৰ বিপৰীতে ৪ টকালৈ বৃদ্ধি কৰে।

আনহাতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আৰু অধিক যোগ্য পৰিয়ালে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply