নিউজ ডেস্কঃ ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ প্ৰাক্তন সভাপতি ব্ৰিজ ভূষণ সিঙৰ বিৰুদ্ধে অৱস্থান প্ৰতিবাদ কৰা মল্লযোদ্ধাসকলে গংগাত তেওঁলোকৰ পদক বিসৰ্জন কৰাৰ সিদ্ধান্ত সলনি কৰিছে। মল্লযোদ্ধাসকলে পদক গংগাত পদক বিসৰ্জন দিবলৈ হৰিদ্বাৰ ত উপস্থিত হৈছিল। ঘটনাটোৰ বিষয়ে গম পোৱাৰ লগে লগে কৃষক নেতা নৰেশ টিকাইট তাত উপস্থিত হৈছিল।
কৃষক নেতা নৰেশ টিকাইট উপস্থিত হৈ মল্লযোদ্ধাসকলৰ সৈতে কথা পাতি পদক বিসৰ্জন নকৰিবলৈ বুজনি দি তেওঁ ৫ দিনৰ সময় বিচাৰিলে। লগতে, মল্লযোদ্ধাসকলৰ গংগাত বিসৰ্জন দিবলৈ অনা পদকসমূহ টিকাইটে লৈ লৈছে। ইয়াৰ পিছতেই সকলো খেলুৱৈ বৰ্তমান একেখন গাড়ীতে বহি হাৰিয়ানালৈ ৰাওনা হয়।
উল্লেখ্য যে, ২৮ মে’ত নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত মল্লযোদ্ধাসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। সেই সময়ত সাক্ষী আৰু সহযোগীসকলক বলপূৰ্বকভাৱে আটক কৰে আৰক্ষীয়ে।
ইয়াৰ পিছতেই আজি অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিকে টুইট কৰি কয়, “এই পদকসমূহে আমাৰ জীৱন। আজি সেইবোৰ গংগাত পেলাই দিয়াৰ পিছত আমাৰ জীয়াই থকাৰ আৰু কোনো অৰ্থ নাই। সেয়ে, পদকবোৰ পেলাই দিয়াৰ পিছত আমি ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশনত বহিম।”
লগতে পঢ়ক – মনীষ চিছ’দিয়াৰ জামিন আবেদন খাৰিজ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে