কিমান নৃশংস হ’লে নিজ পিতৃয়ে হানি-খুচি হত্যা কৰিব পাৰে নিজ কন্যাক? এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ সিদ্ধাৰ্থনগৰত। প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে ১৬ বছৰীয়া কিশোৰীক হত্যা কৰিলে পৰিয়ালৰ লোকে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে একে গাঁৱৰে এজন যুৱকৰ লগত কিশোৰী গৰাকীৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে পিতৃয়ে হত্যা কৰি ১৬ বছৰীয়া কিশোৰী গৰাকীক নদীত পেলাই দিছিল।
ঘটনাৰ বিৱৰণ অনুসৰি শনিবাৰে পৰিয়ালটো এজন আত্মীয়ৰ ঘৰৰ পৰা নিজ ঘৰলৈ উভতি আহিছিল। তেতিয়াই কিশোৰী গৰাকীক যুৱকজনৰ পৰা দূৰত থাকিবলৈ পিতৃয়ে সকীয়নী প্ৰদান কৰিছিল। কিন্তু কিশোৰী গৰাকীয়ে আপত্তি কৰিছিল।
তাৰ পাছতে অভিযুক্ত পিতৃয়ে কিশোৰী গৰাকীক চুৰীৰে হানি খুচি হত্যা কৰে আৰু মৃতদেহটো বস্তাত ভৰাই নদীত পেলাই দিয়ে।
উক্ত ঘটনাৰ পাছতে আৰক্ষীয়ে পিতৃ ৰাধেশ্যাম কেৱত, ককাক সীতাৰাম আৰু লাহৰী নামৰ আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।