নিউজ ডেস্ক- গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনৰ অন্যতম বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ ভাৰতীয় খাদ্য নিগম চমুকৈ এফচিআয়ে বিগত কিছু বছৰত অন্যতম আগশাৰীৰ নিযুক্তি প্ৰদানকাৰী হিচাপে পৰিগণিত হৈছে। যিয়ে প্ৰতি বছৰে বৃহৎ সংখ্যক যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছে।
এফ চি আইৰ নিযুক্তি প্ৰক্ৰিয়া কেৱল অনলাইন পৰীক্ষাৰ জৰিয়তেহে চলোৱা হয়। এই পৰীক্ষাৰ বিজ্ঞাপনসমূহ ৰাষ্ট্ৰীয়/স্থানীয় বাতৰি কাকততো উপলব্ধ হয়। এই নিযুক্তিৰ বাচনি মুকলি প্ৰতিযোগীতা আৰু যোগ্যতাৰ ভিত্তিত কৰা হয়।
বিভিন্ন শিতানৰ (Category I, II, III আৰু IV) অধীনত বিভিন্ন পদৰ বিজ্ঞাপন নিয়মীয়াকৈ কৰা হৈছে। এফচিআইয়ে ২০২০ বৰ্ষৰ ভিতৰত ৩৬৮৭ জন তৃতীয় শ্ৰেণী, ২০২১ চনৰ ভিতৰত ৩০৭ জন দ্বিতীয় শ্ৰেণী আৰু ৮৭ জন প্ৰথম শ্ৰেণীৰ বিষয়াক সফলতাৰে নিযুক্তি প্ৰদান কৰিছে।
আনহাতে এফচিআইয়ে ২০২২ চনৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ৫১৫৯টা পদৰ বিজ্ঞাপন দিছিল। ১১.৭০ লাখ প্ৰাৰ্থীয়ে নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। ইতিমধ্যে দুটা পৰ্যায়ৰ অনলাইন পৰীক্ষা সম্পূৰ্ণ হৈছে। তদুপৰি নিযুক্তি প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত কম সময়ৰ ভিতৰত সমাপ্ত হ’ব।