গুৱাহাটী : নাৰেংগী অঞ্চলৰ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। গুৱাহাটীৰ বৃহত্তৰ নাৰেংগী অঞ্চলৰ ফৰেষ্টগেট এলেকাৰ যুৱনগৰ উন্নয়ন সমিতিৰ সভাপতি ৰঞ্জীত চেতিয়াৰ নেতৃত্বত সম্বৰ্ধনা।
নাৰেংগীৰ যুৱনগৰ অঞ্চললৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা পাঁচ গৰাকী শিক্ষাৰ্থীৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা জনোৱা হয়। মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই প্ৰত্যেক গৰাকীকে সুদক্ষ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ পিতৃ-মাতৃক আহ্বান জনায়।
লগতে পঢ়ক – মহানগৰীত পুনৰ ডকাইতে কাঢ়ি নিলে ধন
দলটিত যুৱনগৰ উন্নয়ন সমিতিৰ উপৰিও নামঘৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়া, জাগৰণ মহিলা সমিতিৰ বিষয়-ববীয়া আৰু প্ৰাগজ্যোতিষ যুৱ সংঘৰ বিষয় ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।