গুৱাহাটী : ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও মহাবহু ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহত জলপৃষ্ঠ হ্ৰাস পোৱা নাই। এতিয়াও বহু ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। গুৱাহাটী মহানগৰীতো ব্ৰহ্মপুত্ৰৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে।
গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। আভ্যন্তৰীণ জল পৰিবহন বিভাগে বন্ধ কৰিছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা।
লগতে পঢ়ক – বোকাখাতৰ ৰজাবাৰীত পথ দুৰ্ঘটনা; এজন নিহত
গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ কৰি দিয়াৰ ফলত সমস্যাৰ সন্মুখীন হৈছে দুয়ো ফালৰ যাত্ৰী। ইয়াৰ পূৰ্বেও যোৱা ১৯ জুনৰ পৰা ২৪ জুন পৰ্যন্ত বন্ধ আছিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা।