গুৱাহাটী : গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ। গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে ফেৰী সেৱা বন্ধ। ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে যাত্ৰী সকলৰ মাজত হাহাকাৰ।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্য এতিয়া বছৰৰ প্ৰথমটো বানৰ কবলত। ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বাঢ়নী পানীৰ তলত। ফেনে ফুটুকাৰে বৃদ্ধি পাইছে নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ।

ৰাজ্যৰ সৰু-বৰ নৈ-উপনৈ সমূহৰ লগতে মহাবহু ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ভয়াবহভাৱে বৃদ্ধি পোৱাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে।

লগতে পঢ়ক –  বোকাখাতত ট্ৰেলাৰ আৰু মটৰ চাইকেলৰ সংঘৰ্ষত থিতাতে নিহত দুজন নিহত

মঙলবাৰে পুৱা ৬:৩০ বজাৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱা তিনিওটা ঘাটৰ ফেৰী সেৱা বন্ধ কৰি দিয়াত দুয়োপাৰৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ লাগিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply