একে আৰ্জেণ্টিনা, একে সমস্যা । বিগত দুবছৰে একক পৰিচয় আৰু সংঘবদ্ধতাৰে খেলি অহা প্ৰি-টুৰ্ণামেন্ট ফেভৰেট দলটোৰ বিশ্বকাপৰ জঠৰতা কালি মেক্সিকোৰ বিৰুদ্ধেও অব্যাহত আছিল । ছৌদি আৰৱৰ বিৰুদ্ধে অপ্ৰত্যাশিত পৰাজয়ৰ পাছত প্ৰশিক্ষক লিঅ’নেল স্কাল’নিয়ে ৰক্ষণ আৰু মিডফিল্ডত দুটা লক্ষ্যণীয় সালসলনি ঘটাইছিল ৷ ছৌদিৰ বিৰুদ্ধে ব্যৰ্থ টটেনহাম হটস্পাৰৰ ডিফেণ্ডাৰ ক্ৰিষ্টিয়ান ৰ’মেৰোৰ সলনি চেন্ট্ৰেল ডিফেন্সত নমোৱা হৈছিল মেনচেষ্টাৰ ইউনাইটেডৰ লিছান্দ্ৰো মাৰ্টিনেজক ৷ বাওঁদিশে উইং চম্ভালিবলৈ দিয়া হৈছিল ইংলিছ প্ৰিমিয়াৰ লীগৰে ক্লাব ব্ৰাইটন এণ্ড হোভ আলবিয়নৰ মেক এলিষ্টাৰক ৷
৪-৪-২ ফৰ্মেচনত দল সজোৱা স্কাল’নিৰ উদ্দেশ্য আছিল মেক্সিকোৰ ৫-৩-২ৰ ৰক্ষণাত্মক গাঁথনি মিডফিল্ড দখল কৰি ভেদ কৰা ৷ কিন্তু যিটো সমস্যা স্কাল’নিয়ে বিচাৰিলেও আঁতৰাব পৰা নাছিল সেইটো হৈছে দলত থকা এজন মৌলিক মিডফিল্ডাৰৰ অভাৱ ৷ লে ছেলছ’ৰ অবৰ্তমানত দলটোত বিপক্ষৰ শৃংখলাবদ্ধ ৰক্ষণ ছেদেলিভেদেলি কৰা পোনপটীয়া পাছ উলিয়াই দিয়া মিডফিল্ডাৰ নাই ৷ আচলতে হুৱান ৰোমান ৰিকলমেৰ পাছত আৰ্জেণ্টিনাই এজন সৃষ্টিশীল মিডফিল্ডাৰ পোৱাই নাই । কালি সেই দায়িত্ব ৰড্ৰিগ’ ডি পলক দিয়া হৈছিল যদিও ডি পলৰ শোচনীয় প্ৰদৰ্শন অব্যাহত থকাত আৰ্জেণ্টিনাৰ খেল মূলতঃ মেক্সিকোৰ বক্সৰ বাহিৰত ভোটা হৈ গৈছিল ৷ আক্ৰমণৰ সলনি পথাৰৰ অধিক গভীৰত বল দখলত লাগিব লগা হোৱাত লিঅ’নেল মেছি বাৰে বাৰে আৱদ্ধ হৈ পৰিব লগা হৈছিল মেক্সিকান ভিৰত ৷ আক্ৰমণৰ মূল অস্ত্ৰ মাজভাগত ৰৈ যোৱাত প্ৰথমাৰ্ধত আৰ্জেণ্টিনাই পোৱা নাছিল আক্ৰমণৰ কোনো মৌলিক সুযোগ ৷
মাত্ৰ সোঁ উইঙত এনহেল ডি মাৰিয়াই বাৰে বাৰে গতি আৰু কৌশলেৰে বল উলিয়াই নিছিল যদিও মূৰকত সহায়ৰ অভাৱত ব্যৰ্থ হৈছিল ৷ ছৌদিৰ বিৰুদ্ধে জীৱন্ত ইন্টাৰ মিলানৰ ষ্ট্ৰাইকাৰ লাউটাৰো মাৰ্টিনেজ কালি আছিল নিষ্প্ৰভ ৷ সেয়ে দ্বিতীয়াৰ্ধত স্কাল’নিয়ে স্বাভাৱিকতে ৰণকৌশল সলনি কৰিবলৈ বাধ্য হৈছিল ৷ মিডফিল্ডৰ দুৰ্বলতা ঢাকিবলৈ অনা হৈছিল পথাৰৰ অধিক অংশ সামৰি লোৱাৰ দক্ষতা থকা ষ্ট্ৰাইকাৰ মেনচেষ্টাৰ চিটীৰ জুলিয়ান আলভাৰেছক ৷ আৰু বেনফিকাৰ চেন্ট্ৰেল মিডফিল্ডাৰ ২১ বছৰীয়া এনজ’ ফাৰ্ণাণ্ডেজক ৷ লাহে লাহে আৰ্জেণ্টিনাৰ আক্ৰমণৰ চোক বাঢ়িছিল ৷ ৬৪ মিনিটত মেছিয়ে মেক্সিকোৰ বক্সৰ বাহিৰত ডি মাৰিয়াৰ এটা পাছত আয়ত্ত কৰি প্ৰায় ২৫ মিটাৰ দীঘলীয়া এটা দুৰ্দান্ত গ্ৰাউণ্ডেড শ্বটেৰে আৰ্জেণ্টিনাক অগ্ৰগতি দিয়ে ৷
৮৭ মিনিটত এনজ’ ফাৰ্ণাণ্ডেজে বাওঁদিশে মেছিৰ এটা পাছ আয়ত্ত কৰি ধেনুভেৰীয়া শ্বট এটাৰে মেক্সিকো গ’লকীপাৰ অ’চ’ৱাক আকৌ এবাৰ পৰাস্ত কৰে আৰু আৰ্জেণ্টিনাৰ বিশ্বকাপৰ সপোন জীৱন্ত ৰাখে ৷
মন কৰিব লাগিব যে কেৱল দৰ্শনীয় গ’লটোৱেই নহয়, মেছিৰ সামগ্ৰিক প্ৰভাৱ আৰ্জেণ্টিনাৰ বাবে কিমান দৰকাৰী তাক পৰিসংখ্যাই প্ৰমাণ কৰে ৷ এটা গ’ল আৰু এটা এছিষ্টেৰে মেন অব্ দ্য মেচ হোৱা মেছিৰ পাছিং সফলতা আছিল ৮৭.৮% ৷ ৯বাৰ বিপক্ষৰ খেলুৱৈৰে বল দখলৰ যুঁজত তেওঁ জয়ী হৈছিল ৷ ৭বাৰ ফাইনেল থাৰ্ডত অৰ্থাৎ বলসহ বিপক্ষৰ গ’লৰ নিচেই ওচৰত প্ৰৱেশ কৰিছিল, ৫টা ফাউল জয় কৰিছিল, তিনিটা ক্ৰছ দিছিল আৰু লৈছিল দুটা শ্বট ৷ এয়াও মিডফিল্ডত প্ৰায় এঘন্টা ধৰি একেবাৰে ন্যূনতম সহযোগ অবিহনে ৷
নিঃসন্দেহে পোলেণ্ডৰ বিৰুদ্ধে অন্তিম গ্ৰুপ মেচত মেছিৰপৰা আৰু আগ্ৰাসী ভূমিকা পাবলৈ স্কাল’নিয়ে আলভাৰেছ আৰু ফাৰ্ণাণ্ডেজক লৈ মেচ আৰম্ভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
পূৰ্বানুমান: ইতিমধ্যে গ্ৰুপ চি আকৰ্ষণীয় হৈ পৰিছে ৷ চাৰি পইণ্টেৰে শীৰ্ষত থকা পোলেণ্ডৰ বিৰুদ্ধে অন্তিম গ্ৰুপ মেচত জয়ী হ’লেই আৰ্জেণ্টিনা গ্ৰুপৰ শীৰ্ষস্থান লৈ নক্আউটলৈ যাব ৷ বিশ্বকাপ তুলিবলৈ অহা দলটোৰ বাবে মনোবল ঘূৰাই অনাৰ বাবে ইয়াতকৈ ভাল সুযোগ আৰু একো নোলাব ৷