কিলিয়ান এমবাপ্পেই সদায় ফ্ৰান্সৰ হৈ শিৰোনাম দখল কৰে ৷ সেয়া স্বাভাৱিক ৷ অক্লান্ত চিতাবাঘৰ গতি আৰু চিকাৰী শৈলীৰে এমবাপ্পে লিঅ’নেল মেছিৰ সৈতে এই মুহূৰ্তত বিশ্বৰ শ্ৰেষ্ঠতম ফুটবলাৰ ৷ বিশ্বকাপৰ ইতিহাসৰ বহু অভিলেখ তেওঁ ভংগ কৰাৰ পথত ৷ কিন্তু ফ্ৰান্স মানে কেৱল এমবাপ্পে নহয় ৷ বৰং ফ্ৰান্সৰ অশ্বমেধৰ মূল সূত্ৰধাৰ হৈছে বেলেগ ৷ আচলতে ডিডিয়েৰ ডেশ্বম্পৰ মূৰৰ কামোৰণি আছিল এনগেলো কন্টে আৰু পল পগবাৰ অনুপস্থিতিত দলৰ আক্ৰমণৰ সূত্ৰধাৰ কোন হ’ব ?

দলত প্ৰতিভাৰ অভাৱ নাই। কিন্তু বিশ্বকাপত মিডফিল্ডৰপৰা আক্ৰমণৰ সূচনা কৰা মৌলিক মিডফিল্ডাৰৰ অভাৱ আছিল ৷ সেই কথা ডেশ্বম্পে অনুভৱ কৰিয়েই বেছ কিছু দিন আগত হেনো এগৰাকী ফৰাচী খেলুৱৈক ৰগৰ কৰি কৈছিল, তোমাকে মই মিডফিল্ডত খেলাম ৷ মিচিকিয়া হাঁহিৰে খেলুৱৈজনে এই ধেমালি উৰুৱাই দিছিল ৷ কাৰণ তেওঁ এগৰাকী ফৰৱাৰ্ড ৷ তেওঁৰ কাম গ’ল কৰা ৷ গ’ল সজাই দিয়া নহয়। কালি নিশা ইংলেণ্ডৰ বিৰুদ্ধে সেই খেলুৱৈজনেই ফ্ৰান্সৰ জয়ত নিৰ্ণায়ক ভূমিকা ল’লে ৷ তাকো যি পজিচনত খেলাম বুলি ডেশ্বম্পে ৰগৰ কৰিছিল সেই পজিচনতে ৷ কোৱা হৈছে অন্টোৱান গ্ৰীজমেনৰ কথা ৷

এটলেটিকো মাদ্ৰিদৰ ফৰৱাৰ্ড গ্ৰীজমেন আছিল ডেশ্বম্পৰ মূৰৰ কামোৰণিৰ সমাধান ৷ কেৱল কালিৰ কোৱাৰ্টাৰ ফাইনেলেই নহয়, বিশ্বকাপৰ প্ৰথম মেচৰপৰা গ্ৰীজমেনে নিজৰ স্বাভাৱিক পজিচন ত্যাগ কৰি ভিতৰলৈ আহি দলৰ সূত্ৰধাৰৰ ভূমিকা সাৱলীলভাৱে পালন কৰি আহিছে ৷ ডেশ্বম্পক অনুভৱ কৰিবলৈ দিয়া নাই কন্টে বা পগবাৰ অভাৱ ৷ এজন স্বভাৱসুলভ ফৰৱাৰ্ডৰ বাবে গ’লৰ খ্যাতি এৰি অল্পচৰ্চিত সূত্ৰধাৰৰ ভূমিকা লোৱাটো সহজ কথা নহয় । বিপক্ষৰ মিডফিল্ডত যুঁজ কৰি বল জিকি গ’লৰ বাবে সজাই দি আনৰ গ’লত ফূৰ্তি কৰাটো কন্টে বা পগবাৰ বাবে স্বাভাৱিক কথা ৷ দেশৰ হৈ ৪২টা গ’ল কৰা গ্ৰীজমেনৰ বাবে এয়া সহজ কথা নাছিল ৷ কিন্তু দেশৰ বাবে তেওঁ পালন কৰিছে অধিক শ্ৰম কিন্তু কম শিৰোনাম পোৱা দায়িত্ব ৷ ফ্ৰান্সৰ বাবে সুখবৰ যে গ্ৰীজমেন এই দায়িত্ব পালনত এশ শতাংশ সফল ৷ তেওঁৰ বুদ্ধিমত্তা আৰু সৃষ্টিশীলতাৰ বাবেই ফ্ৰান্স ছেমিফাইনেলত ৷ অথচ কোৱাৰ্টাৰ ফাইনেলত নিষ্প্ৰভ আছিল দলৰ সবাতোকৈ উজ্জ্বল তাৰকা এমবাপ্পে ৷ ইয়েই প্ৰমাণ কৰে ফ্ৰান্সৰ বাবে গ্ৰীজমেন কিমান গুৰুত্বপূৰ্ণ ৷ কিন্তু গ্ৰীজমেনৰ ভূমিকাৰ কথা আলোচনা কৰাৰ পূৰ্বে ডেশ্বম্পৰ ৰণনীতিৰ বিশ্লেষণ কৰা প্ৰয়োজন ৷

ডেশ্বম্পে জানিছিল যে ইংলেণ্ডেই তেওঁলোকে এতিয়ালৈকে বিশ্বকাপত মুখামুখি হোৱা সবাতোকৈ কঠিন প্ৰতিদ্বন্দ্বী আৰু কেৱল এমবাপ্পেৰ ভাৰসাত তেওঁলোকে ছেমিফাইনেলৰ সপোন দেখিব নোৱাৰে ৷ সেইবাবেই তেওঁ দল সজাইছিল ৪-২-৩-১ ফৰ্মেচনত ৷ এমবাপ্পেৰ ভাবুকি ইংলেণ্ডে প্ৰতিহত কৰিব পাৰিলে যাতে মিডফিল্ড আৰু একমাত্ৰ ষ্ট্ৰাইকাৰ অলিভিয়েৰ জিৰুক মুকলি কৰিব পৰাকৈ এজন খেলুৱৈ সেই দুই স্থানত সহজে বিচৰণ কৰিব পাৰে তাৰ বাবে হ’ল্ডিং পজিচনত থকা এড্ৰিয়া ৰেবিঅ’ আৰু অৰেলিয়া টুৱামেনিক অগ্ৰগামী স্থানত খেলাৰ সুযোগ দিয়া হৈছিল ৷ ইয়াৰ আন এক উদ্দেশ্য আছিল বাঁওফালে এমবাপ্পে ৰৈ গ’লে সোঁদিশে ওছমান ডেম্বেলেক মুক্ত কৰি গ’লৰ সুৰুঙা উলিওৱা ৷ ডেশ্বম্পৰ অনুমান সঠিক আছিল । আৰম্ভণিৰেপৰাই এমবাপ্পেক কঠোৰ পহৰাৰ মাজত ৰাখিছিল ৰাইটবেক কাইল ৱাকাৰে ৷ ফলত সেই দিশে ফৰাচী আক্ৰমণ ভোটা হৈছিল ৷ কিন্তু ডেশ্বম্পে বিকল্প মজুত ৰাখিছিল, সেয়া হ’ল গ্ৰীজমেন ৷ ব্যস্ত মিডফিল্ডৰ সৰু সৰু সুৰুঙাত সোমাই কুশলী ফ্লিকেৰে ইংলেণ্ডৰ শৃংখলাবদ্ধ ৰক্ষণ ছেদেলিভেদেলি কৰা গ্ৰীজমেনেই আছিল দুয়োটা প্ৰতিভাধৰ দলৰ পাৰ্থক্য।

প্ৰথম ৪৫ মিনিটত ৩১ বছৰীয়া গ্ৰীজমেনে ইংলিছ মিডফিল্ডৰ পিছে পিছে যেন লুকাভাকু খেলি থাকিল। জুড বেলিংহাম, জৰ্ডান হেণ্ডাৰছন আৰু ডেক্লান ৰাইচে যদি এঠাইত তেওঁক ৰোধ কৰে আন ঠাইত ওলায় । ইংলিছ মিডফিল্ডৰ সৈতে তেনে লুকাভাকুৰেই নিজক মুকলি কৰি ১৭ মিনিটত গ্ৰীজমেনে সোঁদিশৰপৰা টুৱামেনিক বক্সৰ বাহিৰত এটা পাছ দিয়ে আৰু টুৱামেনিৰ ৰকেট ভলীৰ কোনো উত্তৰ নাছিল ইংলিছ গ’লকীপাৰ জৰ্ডান পিকফ’ৰ্ডৰ হাতত ৷ ইংলেণ্ডে নিঃসন্দেহে যুঁজিবলৈ এৰা নাছিল আৰু দ্বিতীয়াৰ্ধত তেওঁলোকেই আছিল শ্ৰেষ্ঠ দল ৷ বিশেষকৈ বুকায়ো ছাকা আৰু বেলিংহামৰ গতি আৰু স্কিলে ফ্ৰান্সৰ ৰক্ষণক আমনি কৰিবলৈ আৰম্ভ কৰিছিল । সেই বাবেই ৫৪ মিনিটত হেৰী কেইনৰ পেনাল্টীৰে তেওঁলোকে সমতা স্থাপনো কৰিছিল ৷ কিন্তু গ্ৰীজমেনৰ যাদু শেষ হোৱা নাছিল ৷

৭৮ মিনিটত গ্ৰীজমেনৰ এটা নিখুঁত ক্ৰছৰ সহায় লৈ জিৰুৱে হেডিঙেৰে ফ্ৰান্সক পুনৰ অগ্ৰগতি দিছিল ৷ সন্দেহ নাই ৮৪ মিনিটত কেইনে পেনাল্টীত ব্যৰ্থ নোহোৱা হ’লে হয়তো মেচৰ ফলাফল বেলেগ হ’লহেঁতেন ৷ হয়তো এই মেচৰ পাছত ডেশ্বম্পে ইংলেণ্ডৰ দ্বাৰা উন্মুক্ত হোৱা নিজৰ ৰক্ষণৰ সুৰুঙা আঁতৰোৱা আৰু এমবাপ্পেক মুক্ত কৰি ৰখাৰ নতুন ৰণনীতি ল’ব লাগিব ৷ কাৰণ ছেমিত আছে মৰক্কো আৰু মৰক্কোৰ প্ৰশিক্ষক ৱালিদ ৰিগ্ৰেগিয়ে এই মেচ নিঃসন্দেহে চাইছে ৷ এমবাপ্পেক ৰোধ কৰাটো যে অসম্ভৱ নহয় সেয়া তেওঁ গম পাইছে ৷ লগতে মৰক্কোৰ শৃংখলাবদ্ধ মিডফিল্ডে যে গ্ৰীজমেনক বান্ধি বলৰ যোগান বন্ধ কৰাৰ পূৰ্ণ প্ৰয়াস কৰিব সেয়াও নিশ্চিত ৷ কিন্তু এই মুহূৰ্তত গ্ৰীজমেন অপ্ৰতিৰোধ্য ৷ দেশৰ হৈ ২৮টা এছিষ্টেৰে তেওঁ ইতিমধ্যে জিনেদাইন জিদান আৰু থিয়েৰী হেনৰীক চেৰ পেলাইছে । দেশৰ বাবে ছেমিফাইনেলত আকৌ এবাৰ জয়ৰ ৰসায়ন তৈয়াৰৰ বাবে তেওঁ সাজু থাকিব ৷ মৰক্কোৰ এটলাছ সিংহৰ দল চিকাৰী হ’ব নে চিকাৰ সেয়া গ্ৰীজমেনৰ প্ৰদৰ্শনৰ ওপৰতে নিৰ্ভৰ কৰাটো নিশ্চিত ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply