ছৌদি আৰৱৰ প্ৰশিক্ষক হাৰ্ভে ৰেনাৰ্ডে এটা কথা জানিছিল যে বিশ্বকাপত আৰ্জেণ্টিনাৰ সবাতোকৈ ডাঙৰ দুৰ্বলতা হৈছে এগৰাকী মৌলিক সৃষ্টিশীল মিডফিল্ডাৰৰ অভাৱ যি পোনপটীয়া আক্ৰমণ ৰচনাত বিশ্বাস কৰে ৷ আঘাতপ্ৰাপ্ত জ’ভানি লে ছেলছ’ৰ অবৰ্তমানত আৰ্জেণ্টিনাৰ আক্ৰমণ ৰচনা ডাঙৰ সমস্যা হ’ব পাৰে, সেই আশংকা আগৰে পৰা আছিল ৷ ৰড্ৰিগ’ ডি পল বা লিয়েন্ড্ৰ’ পাৰাডেছ ৰক্ষণাত্মক চিন্তাৰহে, আগুৱাই গৈ বিপক্ষৰ ৰক্ষণ ফালি সঠিক পাছ দিয়াত সিদ্ধাহস্ত নহয় ৷ লগতে দুই উইঙত পাপু গ’মেজ আৰু ডি মাৰিয়া গতিহীন৷

আৰ্জেণ্টিনাৰ সেই ৰণকৌশলগত সীমাবদ্ধতাৰ সুযোগ লৈয়েই ৰেনাৰ্ডে ৰক্ষণ আৰু মিডফিল্ডৰ মাজত নিকট সম্পৰ্ক ৰাখি হাইলাইন ৪-১-৪-১ ফৰ্মেচন সজাইছিল ৷ সেই হাইলাইন ৰক্ষণ ভেদৰ বাবে আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কাল’নিয়ে সজাইছিল ৪-৪-২ ফৰ্মেচন ৷ কিন্তু সমস্যাটো আছিল, ছৌদি হাইলাইন ৰক্ষণ ভেদৰ বাবে যাৱতীয় মিডফিল্ড শক্তি নাছিল আৰ্জেণ্টিনাৰ ৷ ফলত ৰক্ষণাত্মক পাৰাডেছ যদি পিছুৱাই নিজৰ চেন্ট্ৰেল ডিফেণ্ডাৰৰ মাজত সোমাইছিল ডি পলে সোঁফালে বা আগলৈ আহি খেলিছিল ৷ নাছিল কোনো বিপজ্জনক মুভ ৷ ফলত লিঅ’নেল মেছিয়ে বহু ভিতৰলৈ গৈ আক্ৰমণ ৰচনাৰ চেষ্টা কৰিব লগা হৈছিল ৷ কিন্তু মূৰকত সোমাই পৰিছিল ছৌদি খেলুৱৈৰ ভিৰত৷

প্ৰথম ১০-১২ মিনিটত কিছু আক্ৰমণ ৰচনা হ’লেও প্ৰথমাৰ্ধত ছৌদি আৰৱে দুৰ্বলতা বুজি হাইলাইন অব্যাহত ৰাখে ৷ আক্ৰমণৰ চেষ্টা নকৰি আৰ্জেণ্টিনাৰ গতিহীন ফৰৱাৰ্ডসকলক বাধা দি ৰাখে ৷ তেওঁলোকে ১০বাৰ আৰ্জেণ্টিনাৰ গতিহীন ফৰৱাৰ্ডসকলক অফ্ছাইড বেহুত বন্দী কৰিবলৈ সক্ষম হৈছিল ৷ সেয়া যে পৰিকল্পিত অনুশীলনৰ ফল আছিল সেয়া আৰ্জেণ্টিনাৰ আক্ৰমণ ৰচনাৰ লগে লগে খেলুৱৈসকলৰ পজিচনতে গম পোৱা গৈছিল ৷ তাতে আছিল ভি এ আৰ ৷ যিদৰে আৰ্জেণ্টিনাই পোৱা পেনাল্টিটো সমীচীন নাছিল সেইদৰে লাউটাৰো মাৰ্টিনেজৰ গ’লটো অফ্ছাইডৰ বাবে নাকচ হোৱাটোও উচিত নাছিল ৷ প্ৰথমাৰ্ধৰ ৰক্ষণাত্মক মনোভাৱ পৰিহাৰ কৰি ছৌদিয়ে দ্বিতীয়াৰ্ধ আৰম্ভণিত আৰ্জেণ্টিনাৰ দুৰ্বলতা বুজি মিডফিল্ডত তীব্ৰ চাপ দিয়ে আৰু ভিৰত সোমাই পৰা মেছিৰপৰা বল কাঢ়ি নিয়াৰ সুবাদত অসতৰ্ক ৰক্ষণ ভেদি প্ৰথমটো গ’ল কৰে ৷ ততালিকে হোৱা দ্বিতীয়টো গ’লো সেইধৰণৰ চাপৰ বাবেই হোৱা ৷

ইমান পৰে ৰক্ষণত ব্যস্ত ডিফেন্সিভ মিডফিল্ডাৰ আলমিকিক অনা হৈছিল আক্ৰমণ ৰচনাত ৷ তাৰ লগত দুই ছৌদি ফৰৱাৰ্ড শ্বেহৰি আৰু ডাৱছাৰিৰ গতিত হঠাতে আৰ্জেণ্টিনাৰ ৰক্ষণ খহি পৰে ৷ দ্বিতীয়াৰ্ধৰ প্ৰথমেই আৰ্জেণ্টিনাক ছন্দ লোৱাৰ সুযোগ নিদি এইদৰে চাপ প্ৰয়োগ কৰাটোৱেই আছিল ৰেনাৰ্ডৰ মাষ্টাৰষ্ট্ৰোক। তাৰ পাছত আকৌ ৰক্ষণত নামি পৰে ছৌদি ৷ যিধৰণৰ আত্মনিয়োগ কৰি খেলুৱৈসকলে টুৰ্নামেণ্ট ফেভাৰিটৰ বিৰুদ্ধে পোৱা এই দুৰ্লভ অগ্ৰগতি বচাই ৰাখিলে সেয়া হ’ব ভৱিষ্যতৰ বাবে এক শিক্ষা ৷

গ’লকীপাৰ ওৱাইছে নেতৃত্ব দিছিল এই ৰক্ষণ মাষ্টাৰক্লাছৰ ৷ পাঁচটা দুৰন্ত ছেভেৰে তেওঁ দেশক দিলে এক অনবদ্য,অভূতপূৰ্ব জয় ৷ ফুটবল ৯০ মিনিটত খেলপথাৰৰ ভিতৰত হয় ৷ পৰিশ্ৰম আৰু সঠিক ৰণনীতিৰে জয় আনিব পাৰি ৷ প্ৰতিপক্ষ যিয়েই নহওঁক ৷ এই কথা ৰেনাৰ্ড আৰু ছৌদি আৰৱে আকৌ প্ৰমাণ কৰিলে ৷

পূৰ্বানুমান: ফেভাৰিট আৰ্জেণ্টিনাৰ বাবে সুযোগ এতিয়াও আছে ৷ কালি পোলেণ্ড আৰু মেক্সিকোৰ ড্ৰ হোৱাৰ পাছত গ্ৰুপটো এতিয়াও মুকলি ৷ পৰৱৰ্তী দুখন মেচত জয়ে আৰ্জেণ্টিনাক আকৌ বিশ্বজয়ৰ পথলৈ আনিব পাৰে ৷ কিন্তু ৰণনীতি আৰু খেলুৱৈ নিৰ্বাচন সলনি নহ’লে বিপদ আসন্ন ৷