পৰ্তুগাল বনাম মৰক্কো

পৰ্তুগাল আৰু মৰক্কো এতিয়ালৈকে বিশ্বকাপত দুবাৰ মুখামুখি হৈছে ৷ ১৯৮৬ত মৰক্কোৱে গ্ৰুপ মেচত পৰ্তুগালক ৩-১ গ’লত পৰাস্ত কৰিছিল ৷ ২০১৮ত পৰ্তুগালে মৰক্কোক ১-০ গ’লত পৰাস্ত কৰিছিল । মৰক্কোৰ বাবে কোৱাৰ্টাৰ ফাইনেলত ৰৈ আছে ইতিহাস ৷ যদিহে দলটোৱে পৰ্তুগালক হৰুৱাব পাৰে তেন্তে আফ্ৰিকাৰ প্ৰথমখন দেশ হিচাপে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিব ৷ আফ্ৰিকীয় দেশ কেমেৰুণ (১৯৯০), ছেনেগাল (২০০২) আৰু ঘানাই (২০১০) কোৱাৰ্টাৰ ফাইনেল পাইছিল যদিও তাতেই তেওঁলোকৰ স্বপ্নৰ দৌৰ সমাপ্ত হৈছিল ৷

কিন্তু ইতিহাস ৰচাৰ বাবে মৰক্কোৰ সন্মুখত আগেয়ে আহিব এক বৃহৎ পৰ্তুগীজ প্ৰাচীৰ যাৰ নাম ফাৰ্ণাণ্ডো ছান্টোছ ৷ এই প্ৰশিক্ষকগৰাকীয়ে ৰাউণ্ড অব্‌ ছিক্সটিনৰ মেচত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে যি বাজী লগালে তাৰ পাছত পৰ্তুগাল হঠাতে প্ৰতিযোগিতাৰ অন্যতম ফেভৰেট দল হৈ উঠিল ৷ সকলোৰে চকু কপালত তুলি ক্ৰিষ্টিয়ানো ৰোনাল্ডোক বেঞ্চত বহুৱাই ছান্টোছে পথাৰত নমাইছিল বেনফিকাৰ ষ্ট্ৰাইকাৰ গনচেলো ৰামোছক।

বেঞ্চত বহুৱাইছিল তাৰকা মিডফিল্ডাৰ ৰুবেন নেভেজ আৰু ফুলবেক জোৱাও কেনচেলোক। সন্মুখত ব্ৰুনো ফাৰ্ণাণ্ডেজ, জোৱাও ফিলিক্স, বাৰ্ণাডো ছিলভা আৰু ৰামোছক থৈ ছান্টোছে ছিৰাছিৰ কৰি পেলাইছিল সেই পৰ্যন্ত সুদৃঢ় ৰক্ষণৰ বাবে জনাজাত ছুইজাৰলেণ্ডক । পৰ্তুগালৰ এই জয়ত মুখ্য ভূমিকা লৈছিল ফাৰ্ণাণ্ডেজে ৷ মেনচেষ্টাৰ ইউনাইটেডত চেন্ট্ৰেল মিডফিল্ড চম্ভালা ফাৰ্ণাণ্ডেজক ছান্টোছে লগাইছে ৰাইট উইঙত ৷ ডিয়েগো ডেলটক দিছে ৰাইটবেক পজিচন ৷ দুয়ো মিলি পথাৰৰ সোঁদিশৰপৰা ছুইজাৰলেণ্ডৰ ৰক্ষণক ধোঁৱা-কোঁৱা দেখুৱাইছিল ৷ গতিকে পৰ্তুগালৰ সবাতোকৈ শক্তিশালী দিশ হৈছে ইয়াৰ ফৰ্মেচনৰ সোঁদিশ আৰু মৰক্কোৱে এই সোঁদিশ অকামিলা কৰিলেহে জয়ৰ সপোন দেখিব পাৰে ৷

এই ক্ষেত্ৰত মৰক্কোৰ সোঁদিশে ৰক্ষণ চম্ভালা আশ্ৰফ হাকিমি আৰু উইংগাৰ হাকিম জিয়েকৰ ভূমিকা হ’ব নিৰ্ণায়ক । স্পেইনৰ বিৰুদ্ধে দেখুওৱা প্ৰদৰ্শন তেওঁলোকে অব্যাহত ৰাখিব পাৰিলে পৰ্তুগালে গ’লৰ বাবে সংগ্ৰাম কৰিব লাগিব ৷ তাৰ মাজত মৰক্কোৰ মিডফিল্ডৰ অক্লান্ত জেনেৰেল ছ’ফিয়ান আম্ৰাবতে যদি ৰক্ষণ আৰু মিডফিল্ডৰ মাজত সাকো হৈ থাকিব পাৰে তেন্তে পৰ্তুগালৰ বাবে সমস্যা বাঢ়িব ৷ এই সমস্যা আৰু বাঢ়িব যদিহে খেল অতিৰিক্ত সময়লৈ যায় ৷ কিন্তু মৰক্কোৰ অলপমান মনোযোগ ভংগ মানেই বিপদ নিশ্চিত ৷ কাৰণ স্পেইনৰ দৰে পৰ্তুগালে পজেছন ৰাখি ধীৰে সুস্থিৰে নেখেলে ৷ পোনপটীয়া আৰু দ্ৰুত আক্ৰমণৰ খেল খেলে ৷ সেইবাবে এই মেচৰ ফলাফল পৰ্তুগালৰ পক্ষেই অহাৰ সম্ভাৱনা অধিক ।

সম্ভাৱ্য ফলাফল: পৰ্তুগাল ২-১ মৰক্কো

ইংলেণ্ড বনাম ফ্ৰান্স

বিশ্বকাপত এতিয়ালৈকে দুয়োখন দেশ দুবাৰ মুখামুখি হৈছে আৰু দুয়োবাৰেই ইংলেণ্ড জয়ী হৈছে (১৯৮২ আৰু ১৯৬৬) ৷ কিন্তু এইবাৰ কথাটো বেলেগ। ফ্ৰান্স বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰু এইবাৰো ট্ৰফী জয় কৰাৰ প্ৰবল দাবীদাৰ ৷ এই মুহূৰ্তত বিশ্বৰ শ্ৰেষ্ঠতম খেলুৱৈ কিলিয়ান এমবাপ্পেৰ নেতৃত্বত ফ্ৰান্স ৰক্ষণৰ বাবে ত্ৰাস ৷ বল দখলত ৰাখি দুই উইঙত এমবাপ্পে আৰু ওছমান ডেম্বেলেৰ জৰিয়তে তীব্ৰ আক্ৰমণাত্মক খেল খেলা ফ্ৰান্সক ৰুধিবলৈ ইংলিছ প্ৰশিক্ষক গেৰেথ ছাউথগেটে সাৱধানী ৩-৪-৩ বা ৩-৫-২ ফৰ্মেচন ল’ব পাৰে ৷ এই ক্ষেত্ৰত মুখ্য ভূমিকা ল’ব হেৰী কেইনে ৷ ষ্ট্ৰাইকাৰৰ সলনি এতিয়া তললৈ নামি কেইনে মিডফিল্ডত সংখ্যা বৃদ্ধি কৰাৰ লগতে লিংক আপ খেলত মনোনিৱেশ কৰিছে ৷ এই বিশ্বকাপত তিনিটা এছিষ্ট তাৰ প্ৰমাণ ৷

ফ্ৰান্সৰ বিৰুদ্ধে মিডফিল্ডত আধিপত্য লাভত কেইনৰ ভূমিকা হ’ব অতি গুৰত্বপূৰ্ণ ৷ লগতে এমবাপ্পেক ৰোধৰ বাবে ৰাইটবেক কাইল ৱাকাৰৰ থাকিব গুৰু দায়িত্ব ৷ তেতিয়াহে ফ্ৰান্সৰ আক্ৰমণ ভোটা কৰি ইংলেণ্ডে প্ৰত্যাক্ৰমণৰ সুযোগ পাব ৷ ইফালে এমবাপ্পেৰ লগতে এইবাৰ ফ্ৰান্সৰ সফলতাৰ আন এক স্তম্ভ হৈছে মিডফিল্ডলৈ নামি আহি খেলা ফৰৱাৰ্ড অন্টোৱান গ্ৰীজমেন ৷ সতীৰ্থৰ বাবে ঠাই উলিওৱা, মুভমেন্ট মসৃণ কৰা আৰু বল দখল তথা পুনৰ দখলত গ্ৰীজমেন এই পৰ্যন্ত অনবদ্য ৷ অৱশ্যে ফ্ৰান্সৰ দুৰ্বলতা হৈছে ৰক্ষণ বিভাগ ৷ পোলেণ্ডৰ বিৰুদ্ধে সেয়া বহু কেইবাৰ ওলাই পৰিছিল ৷ তাৰ সুযোগ ইংলেণ্ডৰ প্ৰতিভাৱান ফৰৱাৰ্ড ফিল ফ’ডেন আৰু মাৰ্কাছ ৰাশ্বফ’ৰ্ডে ল’ব পাৰিলে খেলখন উত্তেজনাপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ৷

সম্ভাৱ্য ফলাফল: ইংলেণ্ড ১-২ ফ্ৰান্স

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply