নিউজ ডেস্কঃ ২০২৩ ৰ আইপিএলৰ ট্ৰফী খিতাপ চেন্নাই ছুপাৰ কিংছৰ হাতত। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত এক ৰোমাঞ্চকৰ ফাইনেলত চিএছকেয়ে গুজৰাট টাইটানছক পাঁচ উইকেটত পৰাস্ত কৰিছিল। ২৫ টা বলত ৪৭ ৰাণ কৰা ডেভন কনৱেক মেন অৱ দ্য মেচ হিচাপে বিবেচিত কৰা হয়।
ইফালে, চিএচকেক শেষৰ দুটা বলত ১০ ৰাণৰ প্ৰয়োজন আছিল। ৰবীন্দ্ৰ জাদেজাই পঞ্চম বলত এটা ছয় আৰু শেষ বলত এটা চাৰি মাৰি চিএচকেক পঞ্চমবাৰৰ বাবে আই পি এল চেম্পিয়ন কৰি তুলিলে। ইয়াৰ সৈতে, অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে সৰ্বাধিক আই পি এল খিতাপ জয় কৰাৰ ক্ষেত্ৰত ৰোহিত শৰ্মাৰ সমান হৈ পৰিল।
ৰিজাৰ্ভ দে’ত খেলা চূড়ান্ত খেলখনত ধোনীয়ে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। গুজৰাটে ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই ২১৪ ৰাণ সংগ্ৰহ কৰে। চাই সুদৰ্শনে ৪৭ টা বলত ৯৬ ৰাণ কৰে।
ইফালে, বৰষুণৰ বাবে চেন্নাই চুপাৰ কিংছক ১৫ অভাৰত ১৭১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। চিএচকেক ১৫ তম অভাৰত ১৩ ৰাণৰ প্ৰয়োজন আছিল। য’ত শেষৰ দুটা বলত ৰবীন্দ্ৰ জাদেজাই ক্ৰমে ছয় আৰু চাৰি মাৰি দলটোক চেম্পিয়ন কৰে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে ২০১০, ২০১১, ২০১৮ আৰু ২০২১ চনত আই পি এলৰ খিতাপ জয়ী জিনিছিল। ধোনী নেতৃত্বত চেন্নাইয়ে ২০২৩ ৰ আই পি এলৰ খিতাপ পঞ্চমবাৰৰ বাবে জয়ী হৈ মুম্বাই ইণ্ডিয়াছৰ ৰোহিত শৰ্মাৰ সমান হৈ পৰিল। ৰোহিত শৰ্মাৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ আই পি এলত ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ ত জয়ী খিতাপ অৰ্জন কৰিছে।
লগতে পঢ়ক – ডিব্ৰুগড় জিলা পুথিভঁৰালত অগপৰ বিশেষ কৰ্মকৰ্তা সন্মিলন