নিউজ ডেস্ক: পুনৰবাৰ বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজত দেখা গ’ল বাক বিতণ্ডা। সোমবাৰে লক্ষ্ণৌত অনুষ্ঠিত আই পি এল খেলখনৰ শেষত খেলুৱৈ কৰমৰ্দনৰ সময়তেই বিৰাট কোহলী আৰু গৌতম গম্ভীৰে মুখামুখিকৈ বাকযুদ্ধত লিপ্ত হয়। ইয়াৰ পূৰ্বে ২০১৩ চনতো দুয়োৰে মাজত বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছিল।
খেলৰ শেষত প্ৰায় ৫ মিনিট সময় ধৰি চলা এই বাক বিতণ্ডা ৰখাবলৈ পিছত LSG ৰ অধিনায়ক কে এল ৰাহুল আৰু জ্যেষ্ঠ খেলুৱৈ অমিত মিশ্ৰাই হস্তক্ষেপ কৰিব লগা হৈছিল।
এই বিতৰ্কৰ পিছত, এলএছজিৰ পৰামৰ্শদাতা গৌতম গম্ভীৰ আৰু আৰচিবিৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক আই পি এল ৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে তেওঁলোকৰ মেচ মাচুলৰ ১০০% কৰ্তন কৰে। ইফালে, এলএছজি বলাৰ নবীন-উল-হককো তেওঁৰ মেচ মাচুলৰ ৫০% কৰ্তন কৰা হয়।
উক্ত খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে লক্ষ্ণৌ চুপাৰজায়ান্টছক ১৮ ৰাণত পৰাস্ত কৰে।
কিয় বিৰাট কোহলী আৰু গৌতম গম্ভীৰ মুখামুখিকৈ বাকযুদ্ধত লিপ্ত হয়
মন কৰিলে দেখা যায় যে সোমবাৰৰ খেলখন কেবাটাও ঘটনা ঘটিছিল যাৰ বাবে খেলৰ শেষত দুয়োৰে মাজত বাকযুদ্ধত হয়।
উল্লেখ্য যে, লক্ষ্ণৌ দলটোৱে বেটিং কৰি আছিল। খেলখনৰ চতুৰ্থ অভাৰ ক্ৰুণাল পাণ্ডিয়া আৰু আয়ুষ বাডোনীয়ে বেটিং কৰি আছিল। পাণ্ডিয়াই গ্লেন মেক্সৱেলৰ তৃতীয় বলত লং শ্বট বিৰাটে কেচটো ধৰে। কেচ ধৰাৰ পিছত উদযাপন কৰোঁতে বিৰাটে ষ্টেণ্ডবোৰলৈ চাই বুকুখন চাপৰি মাৰে আৰু তেওঁ মুখত আঙুলি থৈ এক প্ৰকাৰে মনে মনে থাকিবলৈ কয়। ডাগআউটত বহি থকা গৌতমে এই সকলোবোৰ চাই আছিল।
ইফালে, ১৬ নম্বৰৰ অভাৰ পিছত বিৰাট ষ্টাম্পৰ পিছফালৰ পৰা দৌৰি আহিছিল আৰু নবীনৰ ফালে কিছু ইংগিত দিছিল। এই সন্দৰ্ভত নবীন উল-হকও তেওঁৰ কাষ চাপিছিল আৰু দুয়োৰে মাজত তৰ্ক আৰম্ভ হৈছিল। বিৰাটেও তেওঁৰ জোতাৰ পৰা আঙুলিয়াই মাটি আঁতৰাই দিয়ে।
খেল শেষ হোৱাৰ পিছত বিৰাটে লক্ষ্ণৌৰ অলৰাউণ্ডাৰ কাইল মেয়াৰৰ সৈতে কথা পাতি আছিল। তেনে সময়তে গম্ভীৰ আহি মেয়াৰক লগত লৈ যাবলৈ বিচাৰে। একে সময়তে, গম্ভীৰে বিৰাটত কিবা ক’বলৈ আৰম্ভ কৰিলে। কোহলীয়ে উত্তৰ দিলে। তাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে।
লগতে পঢ়ক – হিমন্ত চৰকাৰে শীঘ্ৰই বন্ধ কৰিব অসমৰ ৩০০ খন ব্যক্তিগত মাদ্ৰাছা