গুৱাহাটী : আয়কৰ ৰিটাৰ্ণ দাখিলৰ শেষ দিনটো ওচৰ চাপি আহিছে। কৰদাতা হিচাপে আপুনি ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে আপোনাৰ আইটিআৰ সময় সীমাৰ পূৰ্বে অনলাইনযোগে জমা দিব লাগিব যাতে আপুনি কোনো ধৰণৰ জৰিমনা দিব লগা নহয়। দৰমহাপ্ৰাপ্ত কৰ্মচাৰী আৰু যিসকল ব্যক্তিৰ একাউণ্টত কোনো অডিটিঙৰ প্ৰয়োজন নাই তেওঁলোকৰ বাবে আইটিআৰ দাখিলৰ শেষ তাৰিখ ৩১ জুলাই।আৰু যিসকল কৰদাতাৰ একাউণ্ট অডিট কৰাৰ প্ৰয়োজন আছে, তেওঁলোকৰ বাবে অন্তিম তাৰিখ ৩১ অক্টোবৰ।

যদিও আমি আইটিআৰ দাখিল কৰাৰ বিষয়ে জোৰ দি থাকোঁ, তথাপিও আমি সঁচাকৈয়ে জানোনে যে তেনে কৰাৰ সুফল কি ? সময় মতে আইটিআৰ দাখিল কৰাৰ কেইবাটাও সুফল আছে। সময় মতে আইটিআৰ দাখিল কৰাৰ সুফল আৰু সুবিধা সমূহ তলত উল্লেখ কৰা ধৰণৰ।

শাস্তি ৰোধ কৰক :

নিৰ্ধাৰিত তাৰিখৰ ভিতৰত আইটিআৰ দাখিল কৰাটো গুৰুত্বপূৰ্ণ কাৰণ তেনে নকৰিলে আয়কৰ নিয়ম অনুসৰি ১০ হাজাৰ টকা জৰিমনা হ’ব পাৰে। সময় মতে আইটিআৰ দাখিল নকৰিলে ইয়াৰ ফলত আয়কৰ আইন ১৯৬১ ৰ ধাৰা ২৩৪ এৰ অধীনত প্ৰদান কৰিবলগীয়া কৰৰো সুত দিব লগীয়া হ’ব পাৰে।

সহজ ঋণ অনুমোদন :

আইটিআৰ দাখিলত ক্লিন চিট থকাৰ বাবে বিভিন্ন ঋণ দাতাৰ পৰা ঋণৰ অনুমোদন লাভ কৰাটো সহজ হৈ পৰে। ঋণৰ বাবে আবেদন কৰাৰ সময়ত আপোনাৰ আয়ৰ প্ৰমাণ হিচাপে আপোনাৰ আইটিআৰ ষ্টেটমেণ্ট বেংক সমূহক প্ৰদান কৰাটো বাধ্যতামূলক। যিকোনো ঋণৰ অনুমোদন পাবলৈ হ’লে আপুনি আপোনাৰ আইটিআৰৰ কপি জমা দিব লাগিব।

আইনী ব্যৱস্থা :

আইটিআৰ দাখিলৰ ক্ষেত্ৰত পলম বা ডিফল্ট হ’লে আয়কৰ বিভাগে আপোনাৰ সমস্যা বৃদ্ধি কৰিবলৈ আপোনালৈ আইনী জাননী প্ৰেৰণ কৰিব পাৰে। আয়কৰ বিভাগৰ জাননীৰ প্ৰতি আপোনাৰ সঁহাৰিৰ ওপৰত আইটি বিভাগ সন্তুষ্ট নহ’লেও এটা আইনী গোচৰৰো হ’ব পাৰে।

কেৰী ফৰৱাৰ্ড লোকচান :

নিৰ্ধাৰিত তাৰিখৰ আগতে আপোনাৰ আইটিআৰ দাখিল কৰিলে আপোনাৰ লোকচান পৰৱৰ্তী বিত্তীয় বৰ্ষলৈ প্ৰেৰণ কৰাৰ বিকল্প পাব। ই ভৱিষ্যতৰ আয়ৰ বাবে আপোনাৰ কৰ দায়বদ্ধতা হ্ৰাস কৰাত সহায় কৰে।

লগতে পঢ়ক –  Assam Flood : এতিয়াও জলমগ্ন হৈ আছে ৰাজ্যৰ ১২ টা ৰাজহ চক্ৰৰ ৬৪২ খন গাঁও

প্ৰায় প্ৰতিটো দূতাবাসে ভিছাৰ বাবে আবেদন কৰাৰ সময়ত আপোনাৰ আইটিআৰ হিষ্ট্ৰী জমা দিবলৈ ক’ব। গতিকে কৰ দাখিলৰ পৰিষ্কাৰ অভিলেখ থকাটোৱে ভিছা আবেদনৰ প্ৰক্ৰিয়াটো দ্ৰুত কৰি তোলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply