নিউজ ডেস্ক: অসম চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ গোচৰৰ আজি ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতে চূড়ান্ত ৰায়দান ঘোষণা কৰিব। ১২ মে’ত গোচৰটোৰ চূড়ান্ত ৰায়দানৰ ঘোষণা কৰা কথা আছিল যদিও অভিযুক্ত কিৰু মেচৰ অসুস্থতাৰ বাবে আদালতে ৰায়দানৰ দিন পিছুৱাব লগীয়া হয়।

উক্ত হত্যাকাণ্ডটোৰ ঘটনা চলিত বৰ্ষয়ে ৯ টা বছৰ গৰকিলে। গোচৰটোৰ ৰায়দানত যথেষ্ট লেহেমীয়া হৈছে যদিও আজিও সৰিতা তাস্নিৱালৰ পৰিয়ালৰ সদস্যই ন্যায় লাভৰ বাবে আশাৰে বাট চাই আছে।

উল্লেখ্য যে, ২০১৪ চনৰ ৯ মে’ত পুৱা ৫.৩০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ আইচিইউত কৰ্তব্যৰত অৱস্থাত থকা ডাঃ সৰিতা তাস্নিৱালক এবছৰৰ জ্যেষ্ঠ চিকিৎসক তথা সহকৰ্মী ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেচে ধৰ্ষণ কৰি অস্ত্ৰোপচাৰৰ ব্লেডেৰে ডিঙি কাটি নৃশংসভাৱে হত্যা কৰিছিল।

লগতে পঢ়ক – ১২ কোটি টেপৰ পানীৰ সংযোগৰ মাইলৰ খুঁটি অৰ্জন কৰিছে জল জীৱন মিছনে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply