নিউজ ডেস্ক: অৱশেষত ৯ বছৰৰ পিছত ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান কৰিলে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে। দেশ কঁপোৱা ডাঃ সৰিতা তাস্নিৱালৰ হত্যাকাণ্ডৰ অভিযুক্ত ৱাৰ্ড বয় কিৰু মেচক আদালতে দোষী সাব্যস্ত ঘোষণা কৰে। ইফালে, অভিযুক্ত দীপমণি শইকীয়াক আদালতে দোষমুক্ত ঘোষণা কৰিছে।
অৱশ্যে ৱাৰ্ডবয় কিৰু মেচৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড হ’বনে ফাঁচী হ’ব সেইয়া চূড়ান্ত সিদ্ধান্ত কালিলৈ(বৃহস্পতিবাৰে) হে আদালতে ঘোষণা কৰিব।
উল্লেখ্য যে, ২০১৪ চনৰ ৯ মে’ত পুৱা ৫.৩০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ আইচিইউত কৰ্তব্যৰত অৱস্থাত থকা ডাঃ সৰিতা তাস্নিৱালক অভিযোগ অনুসৰি এবছৰৰ জ্যেষ্ঠ চিকিৎসক তথা সহকৰ্মী ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেচে ধৰ্ষণ কৰি অস্ত্ৰোপচাৰৰ ব্লেডেৰে ডিঙি কাটি নৃশংসভাৱে হত্যা কৰিছিল।
লগতে পঢ়ক – ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা